/asomiyapratidin/media/media_files/2025/10/25/new-ap-web-1-6-2025-10-25-16-21-09.jpg)
ডিজিটেল ডেস্কঃ বলিউদৰ লগতে হিন্দী ছিৰিয়েল জগতৰ এখন চিনাকি মুখ সতীশ শ্বাহ আৰু নাই। বৰ্ষীয়ান অভিনেতাগৰাকী ২৫অক্টোবৰৰ দিনৰ ২.৩০বজাত মৃত্যু হোৱাৰ খবৰ ৰাজহুৱা কৰিছে পৰিয়ালে। বৰ্তমান হস্পিতালতে আছে তেওঁৰ নশ্বৰ দেহ। অহা ২৬অক্টোবৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব বুলি সদৰি কৰিছে তেওঁৰ মেনেজাৰে।
গুজৰাটত জন্ম হৈছিল সতীশ শ্বাহৰ। বহুকেইখন হিন্দী চিনেমাৰ লগতে ছিৰিয়েলত দুৰ্দান্ত অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল শ্বাহ। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ছবি জগতত শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us