নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ সফল অভিযান : শুকুৰ আলীক আটক

বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যৌথত অভিযানত আটক হ'ল এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...

author-image
Asomiya Pratidin
New Update
xfhfj

ডিজিটেল সংবাদ, চেঙা : বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যৌথত অভিযানত আটক হ'ল এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । 

Advertisment

ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত খংৰা গাঁৱৰ শুকুৰ আলী বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নিৰ্দেশত মংগলবাৰে বিয়লিৰ ভাগত গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদে কুকাৰপাৰত অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক। 

লগে লগে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকা, উপ পৰিদৰ্শক ক্ৰমে বিশাল বৰ্মন, আৰু তাৰাবাৰী আৰক্ষী থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হয়। সৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া ডঃ পৱন কুমাৰ উপাধ্যায়ৰ উপস্থিতিত ড্ৰাগছ ব্যৱসায়ী শুকুৰ আলীৰ পৰা আৰক্ষীয়ে ৭.৫৩ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে। 

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ বাবে সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে নাগৰিক সমিতি, সৰ্থেবাৰী থানাৰ সভাপতি ডালিম চন্দ্ৰ বড়োৱে। ধৃত শুকুৰ আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে।

Assam police