/asomiyapratidin/media/media_files/2025/07/17/beel-17-2025-07-17-21-18-04.jpg)
ডিজিটেল সংবাদ হাজোঃ হাজোত পুনৰ পুখুৰীত বিহ ঢালিলে দুৰ্বৃত্তই। দুৰ্বৃত্তই পুখুৰীত বিহ ঢালি নিধন কৰিলে ২০ লক্ষাধিক মূল্যৰ মাছ। বুধবাৰে নিশাৰ ভাগত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
সাতদলাৰ গৰ্জন বিলত থকা মাগুৰাম দাস নামৰ এজন লোকৰ পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিছে এই জঘন্য কাণ্ড। যাৰ ফলত পুৱাৰে পৰা এই পৰ্যন্ত পুখুৰীটোত উপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইন্টলে কুইন্টলে মাছ।
উল্লেখ্য যে, এইবছৰ চৰকাৰৰ পৰা সাত বছৰলৈ লীজত লৈ আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত মাগুৰামে গঢ়িছিল মীন পালনৰ সপোন। ৪০ বিঘা মাটিৰ এই পুখুৰীটোত মাছ এৰিছিল লোকজনে।
কিন্তু এই ঘটনাৰ পাছতে এতিয়া মূৰত সৰগ ভাগি পৰিছে মাগুৰাম দাসৰ। এই ঘটনাত কোন দুৰ্বৃত্ত জড়িত হৈ আছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক এজাহাৰ দাখিল কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে পুখুৰীটোৰ গৰাকী মাগুৰাম দাসে।