এফালে দলৰ প্ৰতি অসন্তুষ্টি, আনফালে বিজেপি নেতাৰ সৈতে চেলফি!

কংগ্ৰেছ দলৰ ওপৰত ক্ষুব্ধ হৈ আছে কংগ্ৰেছৰ সাংসদ গৰাকী। শেহতীয়াকৈ তেওঁ এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসন্তুষ্টিও প্ৰকাশ কৰিছিল।

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল ডেস্কঃ  কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভৰ মাজতে সাংসদ শশী থাৰুৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোয়েলৰ সৈতে এখন ফটো পোষ্ট কৰিছে। এই ছবিখন ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক চুক্তিৰ আলোচনাৰ পিছৰ ফ'টো।

Advertisment

 এই চেলফিত তেওঁক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য বিভাগৰ বিদেশ সচিব জনাথন ৰেইনল্ডছৰ সৈতে দেখা গৈছে। এই ছবিখনৰ পিছত পুনৰবাৰ কংগ্ৰেছত তেওঁৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে। ছবিখনত ৰেইনল্ডছৰ সৈতে শশী থাৰুৰ, পীয়ুষ গোয়েলক হাঁহি থকা দেখা গৈছে। 

কংগ্ৰেছৰ সাংসদগৰাকীয়ে নিজৰ ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি কেপচনত লিখিছে, "বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলৰ উপস্থিতিত ব্ৰিটেইনৰ বাণিজ্যিক বিভাগৰ অধীনস্থ ৰাজ্যিক সচিব জনাথন ৰেইনল্ডছৰ সৈতে মত বিনিময় কৰি ভাল লাগিল। বহুদিনৰ পৰা স্থবিৰ হৈ থকা এফটিএ পুনৰ আৰম্ভ হৈছে, যিটো অতি আদৰণীয়।"

উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ দলৰ ওপৰত ক্ষুব্ধ হৈ আছে কংগ্ৰেছৰ সাংসদ গৰাকী। শেহতীয়াকৈ তেওঁ এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসন্তুষ্টিও প্ৰকাশ কৰিছিল। তেওঁ কংগ্ৰেছক এই কথাও স্পষ্ট কৰি দিছিল যে দল যাতে তেওঁৰ ওচৰত কোনো বিকল্প নাই বুলি নাভাৱে। দৰাচলতে দলত থকা পিছতো একাষৰীয়া কৰা বাবে ক্ষোভিত সাংসদ থাৰুৰ।

শশী থাৰুৰ