/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/sashi-tharoor.jpg)
ডিজিটেল ডেস্ক : ১৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব লগীয়া কংগ্ৰেছ দলৰ সভাপতি পদৰ নিৰ্বাচনত দেখিবলৈ পোৱা যাব বহু কেইজন প্ৰতিদ্বন্দীক । তেনে সময়তে এক মন্তব্যৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে তিৰুবন্তপুৰমৰ কংগ্ৰেছী সাংসদ শশী থাৰুৰে । মালায়লম দৈনিক বাতৰি কাকত "মাতৃভূমি"ত প্ৰকাশ পোৱা থাৰুৰৰ এটি প্ৰবন্ধত তেখেতে অতি কৌশলেৰে উল্লেখ কৰিছে এই কথা ।
থাৰুৰৰ ভাষ্য অনুসৰি, নতুন সভাপতি নিৰ্বাচন কৰাটো বৰ্তমান পৰিস্থিতিত দলটিৰ বাবে অতি গুৰুত্বপূৰ্ণ । তাৰ ওপৰিও এক নিকা আৰু সুস্থ নিৰ্বাচনৰ কামনা কৰে নেতা গৰাকীয়ে । ইয়াৰ সৈতেই, কংগ্ৰেছৰ কাৰ্যবাহী সমিটীৰো নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনাই শশী থাৰুৰে ।
কেৰালাৰ ৰাজনীতিৰ বাবে কংগ্ৰেছ এক শক্তিশালী প্ৰতিদ্বন্দী । তেনেস্থলত কংগ্ৰেছ ক্ষমতালৈ আহিল কেৰালাৰ মুখ্যমন্ত্ৰী হোৱাৰো আগ্ৰহ প্ৰকাশ কৰে নেতাগৰাকীয়ে ।
আৰু পঢ়ক : দৰঙৰ কটাহীত হত্যাকাণ্ড, হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ…