সৰুপথাৰৰ মৰেল পুলিচিঙৰ ঘটনাঃ এজনক গ্ৰেপ্তাৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাত এতিয়াও মুক্ত মূল অভিযুক্ত

ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত গোলাঘাটৰ সৰুপথাৰ সম-জিলাত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত ব্যক্তিজনৰ নাম কমল গগৈ।

author-image
Asomiya Pratidin
New Update
সৰু পথাৰৰ মৰেল পুলিচিঙৰ ঘটনাঃ এজনক গ্ৰেপ্তাৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাত এতিয়াও মুক্ত মূল অভিযুক্ত

ডিজিটেল সংবাদ গোলাঘাটঃ ৰাজ্য জুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত গোলাঘাটৰ সৰুপথাৰ সম-জিলাত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৰেল পুলিচঙৰ এই ঘটনাত দুজন কিশোৰ অতি গুৰুতৰ ভাৱে আহত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে।

Advertisment

উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে সৰুপথাৰৰ গেলাবিলত দুই নাবালকক ৰাজহুৱাভাৱে হাতে, ভৰিয়ে বান্ধি প্ৰহাৰ কৰাৰ লগতে দেহত নিমখ, ভোট জলকীয়া সানি দিয়া হৈছিল। এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

এই প্ৰতিক্ৰিয়াৰ মাজতে আৰক্ষীয়ে কমল গগৈ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যদিও তিনি মূল অভিযুক্ত ক্ৰমে শশাংক শ্ৰেষ্ঠ, ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ এতিয়াও মুকলি অৱস্থাত আছে। ইয়াৰে শশাংক শ্ৰেষ্ঠ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য। তেওঁক ইতিমধ্যে গোলাঘাট জিলা আছুৱে সকলো দায়িত্বৰ পৰা নিলম্বন কৰিছে। 

আনহাতে এই ঘটনাৰ সৈতে বিশেষভাৱে জড়িত আছে ৰাজু শ্ৰেষ্ঠ, আৰু ৰঞ্জিত শ্ৰেষ্ঠ নামৰ দুই স্থানীয় বিজেপি নেতা। ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

এই তিনিও অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে অঞ্চলটোত তীব্ৰ ক্ষোভৰো সৃষ্টি হৈছে। আজি বৰপথাৰ থানাৰ বাহিৰত ক্ষোভিত লোকসকলে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ জৰিয়তে মূল অভিযুক্তসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনোৱা হয়।

ঘটনাক গৰিহণা এ আই এছ এফৰ 

সৰুপথাৰৰ এই মৰেল পুলিচিঙৰ ঘটনাক গৰিহণা দিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্য পৰিষদে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতো নীৰৱ ভূমিকা পালন কৰা আৰক্ষী, প্ৰশাসনক ধিক্কাৰ জনাইছে সংগঠনটোৱে।

এই সন্দৰ্ভত সংগঠনটোৱে কয় যে, এই মৰেল পুলিচগিৰি কৰা লোকসকলক কিয় এতিয়ালৈকে প্ৰশাসনৰ গ্ৰেপ্তাৰ কৰিবলৈ সাহস হোৱা নাই? এয়া এক ডাঙৰ প্ৰশ্ন। সংগঠনটোৱে কয়, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ চত্ৰ ছাঁয়াত থকাৰ বাবেই এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাই গোলাঘাট প্ৰশাসনে।

তালিবানৰ দৰে আচৰণ কৰা বিজেপিৰ সদস্য কেইজনক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰো দাবী জনাইছে সংগঠনটোৱে।  

মুখ খুলিছে বিধায়ক বিশ্বজিৎ ফুকনেও

গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে ঘনিষ্ঠ স্থানীয় বিজেপি নেতাৰ জড়িত হৈ পৰাৰ পিছতে নানান অভিযোগ উত্থাপন হৈছে। মূল অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰাৰ বাবে বিশ্বজিৎ ফুকনৰ আশীৰ্বাদ বুলিও বহুতেই দাবী কৰিছে। 

তাৰ মাজতেই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বজিৎ ফুকনে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "গেলাবিল কাণ্ডক মই তীব্ৰ গৰিহণা দিছো। অভিযুক্তক আইন অনুসৰি শাস্তি দিব লাগিব আৰু ৰেহাই দিয়া উচিত নহয়। অভিযুক্তৰ কিছুমান মোৰ ঘনিষ্ঠ বুলি অভিযোগ উত্থাপন হৈছে — মই স্পষ্টকৈ কওঁ যে তেওঁলোক মোৰ ব্যক্তিগতভাৱে ঘনিষ্ঠ হ'লেও আইন সকলোৰে বাবে সমান।

তেওঁ আৰু কয়, মই আৰক্ষীক আহ্বান জনাইছো যে মোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক  যিয়েই নওঁক কিয় দোষী সাব্যস্ত হোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। 

বিজেপি বৰপথাৰ সৰুপথাৰ