ছেৱাগুৰি সাধনী উদ্যানত আজিৰ পৰা অসমী ভোগালী মেলা...

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ভোগালী মেলাৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই। মন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক বিশ্বজিৎ ফুকনে

author-image
Asomiya Pratidin
New Update
cvcv

ডিজিটেল সংবাদ,সৰুপথাৰঃ   অসমীয়াৰ হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সৰুপথাৰ সম জিলাত অসম ৰাজ্যিক জীৱিকা অভিযান গোলাঘাট আৰু গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ উদ্যোগত ছেৱাগুৰি সাধনী উদ্যানত অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে ৷

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ভোগালী মেলাৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই ৷ অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে আত্মসহায়ক গোটসমূহৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম মহিলা গ্ৰামীণ জীৱিকা অভিযানে এই অসমী ভোগালী মেলাৰ আয়োজন কৰি আহিছে ৷ এই ভোগালী মেলাত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২০ টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে ৷

ভোগালী মেলা