/asomiyapratidin/media/media_files/2025/08/06/sonowal-2025-08-06-19-51-29.jpg)
ডিজিটেল সংবাদ নতুন দিল্লীঃ এক ঐতিহাসিক পদক্ষেপ হিচাপে বুধবাৰে সংসদত একেদিনাই দুখন সামুদ্রিক বিধেয়ক গৃহীত হ'ল। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ দুখন বিধেয়ক একেদিনাই গৃহীত হোৱাটো প্ৰথমবাৰৰ অনন্য অভিজ্ঞতা।
এই পদক্ষেপে ভাৰতৰ বাবে আধুনিক, কার্যকৰী আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি থকা সামুদ্রিক নীতিৰ পথ মুকলি কৰিলে। লোকসভাই আজি 'মার্চেন্ট শ্বিপিং বিল, ২০২৫' গৃহীত কৰে। আনহাতে, ৰাজ্যসভাই 'সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক, ২০২৫' গৃহীত কৰিলে, যিয়ে এক শতাব্দ পুৰণি ঔপনিবেশিক আইন প্রত্যাহাৰ কৰি আধুনিক আইনৰ দ্বাৰা ব্যৱসায় কৰাৰ সুবিধা সুচল কৰি তুলিব আৰু ভাৰতৰ জাহাজ পৰিবহণ ক্ষেত্রক অত্যাধুনিকভাৱে ফেৰ মাৰিব পৰাকৈ সহায় কৰিব।
এই সন্দৰ্ভত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "আজিৰ দিনটো আমাৰ সকলোৰে বাবে ঐতিহাসিক। সংসদে দুখন গুৰুত্বপূর্ণ সামুদ্রিক বিধেয়ক মার্চেন্ট শিপিং বিল, ২০২৫ আৰু সাগৰীয় পথেৰে সামগ্রীৰ পৰিবহণ বিধেয়ক ২০২৫ গৃহীত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতৰ সামুদ্রিক খণ্ডৰ আধুনিকীকৰণৰ প্ৰচেষ্টাক এক নতুন গতি দিলে।"
মার্চেন্ট শ্বিপিং বিল, ২০২৫এ ১৯৫৮ চনৰ মার্চেন্ট শ্বিপিং আইনৰ প্ৰত্যাহাৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। এই নতুন আইনে ভাৰতৰ সামুদ্রিক আইনী পৰিকাঠামোক আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি নতুনত্ব প্রদান কৰিব আৰু ভাৰতক এক বিশ্বাসযোগ্য তথা আগশাৰীৰ সামুদ্রিক বাণিজ্যৰ প্রাণকেন্দ্র হিচাপে প্রতিষ্ঠা কৰিব।
লোকসভাত বিধেয়ক উত্থাপন কৰি সৰ্বানন্দ সোণোৱালে কয়, "এই বিধেয়ক ভাৰতক বিশ্বৰ সামুদ্রিক বাণিজ্যৰ অগ্রণী দেশ হিচাপে প্রতিষ্ঠা কৰাৰ দিশত এক নির্ণায়ক পদক্ষেপ। মার্চেন্ট থ্রিপিং আইন, ১৯৫৮-৩ ৫৬১টা ধাৰা আছিল যিয়ে লোকসভাত বিধেয়ক উত্থাপন কৰি সৰ্বানন্দ সোণোৱালে কয়, "এই বিধেয়ক ভাৰতক বিশ্বৰ সামুদ্রিক বাণিজ্যৰ অগ্রণী দেশ হিচাপে প্রতিষ্ঠা কৰাৰ দিশত এক নির্ণায়ক পদক্ষেপ। মার্চেন্ট শ্বিপিং আইন, ১৯৫৮-ত ৫৬১টা ধাৰা আছিল, যিয়ে বর্তমানৰ চেলেঞ্জসমূহ সমাধান কৰাত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰাত বাধাৰ সৃষ্টি কৰিছিল।
এই নতুন মার্চেন্ট শ্বিপিং বিল, ২০২৫-ত ১৬টা ভাগ আৰু ৩২৫টা ধাৰা আছে। এই আইনে সামুদ্রিক সুৰক্ষা, দুর্যোগ প্ৰতিৰোধ, পৰিৱেশ সুৰক্ষা, নাবিকৰ কল্যাণ আৰু জাহাজৰ সুৰক্ষা উন্নীত কৰিব। লগতে সামুদ্রিক বিনিয়োগ, উদ্ভাৱন আৰু বহনক্ষম বৃদ্ধিৰ পথ মুকলি কৰিব।"
কেৰেজ অৱ গুডছ বাই চী বিল, ২০২৫ অর্থাৎ সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক আজি ৰাজ্যসভাই গৃহীত কৰি ১৯২৫ চনৰ ভাৰতীয় কেৰেজ অৱ গুডছ বাই চী আইন বাতিলৰ পথ প্রশস্ত কৰিলে। এই নতুন আইনে ঔপনিবেশিক যুগৰ বিধানৰ অৱসান ঘটাই বিশ্বমানৰ সৈতে সংগতি ৰাখি ব্যৱসায় সহজসাধ্য কৰাৰ পথ মুকলি কৰিছে।
তদুপৰি ই বাণিজ্যত স্বচ্ছতা বৃদ্ধি, সমস্যা হ্রাস আৰু সামুদ্রিক বাণিজ্যত দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বিধেয়কখন বাজ্যসভাত উত্থাপন কৰিছিল কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ, আৰু জলপথ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰে।
এই বিধেয়কখন লোকসভাই এই বছৰৰ ২৮ মাৰ্চত অনুমোদন জনাইছিল। অৱশ্যে বাজ্যসভাত আলোচনা কৰাৰ সময়ত কিছু সংখ্যক সাংসদে সামুদ্রিক সুৰক্ষা আৰু চোৰাং কাৰবাৰৰ বিপদৰ বিষয়ে চিন্তা প্রকাশ কৰিছিল। কেন্দ্রীয় চৰকাৰে এই সন্দৰ্ভত আশ্বাস দিছে যে আইনগত আৰু কার্যকৰী দুয়োধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে।