/asomiyapratidin/media/media_files/2025/05/02/Ri36OxiQtR2AEier3ZSm.jpg)
ডিমৰীয়াত সৰ্বানন্দ সোণোৱালৰ বিশাল নিৰ্বাচনী সভা
ডিজিটেল সংবাদ, ডিমৰীয়া: ডিমৰীয়াৰ মালয়বাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিৰ বিজয় সংকল্প সমাৱেশৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ডিমৰীয়া সমষ্টিৰ জিলা পৰিষদৰ ৪ গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ১৫ গৰাকী বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
প্ৰচাৰ সভাত সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবেই পঞ্চায়ত নিৰ্বাচন। আত্মনিৰ্ভৰশীল হলেহে মানুহে আত্মসন্মানেৰে জীয়াই থাকিব পাৰিব। সঠিক নীতি আৰু সঠিক আঁচনিৰ যোগেদি সকোলোৰে উন্নয়ন সম্ভৱ" বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, "কংগ্ৰেছৰ ৫৫ বছৰীয়া গৰীবিব হতাও শ্লোগান ফলপ্ৰসূ নহ'ল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনে ভাৰত ৰাষ্ট্ৰক শক্তিশালী কৰিব নোৱাৰিলে। সমাজক শক্তিশালী কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলে নিষ্ঠাৱান হ'ব লাগিব" বুলিও সদৰি কৰে সৰ্বানন্দ সোণোৱালে।
বিজয় সংকল্প সমাৱেশৰ অংশ স্বৰূপে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে মুখ্য কৰি বিজেপিৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে।