/asomiyapratidin/media/media_files/2024/12/10/F9SZMuA5CocMVIX2biKW.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ আজি শ্বহীদ দিৱসৰ পৱিত্ৰ দিনটোত নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ যুগজয়ী শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সোণোৱালে কয় যে, "ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ অদম্য সাহস আৰু ত্যাগৰ অমৰ গাথাই মাতৃভূমিৰ প্ৰতি থকা পৰম শ্ৰদ্ধা, ভালপোৱাক প্ৰতিফলিত কৰে। আই অসমীৰ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ অখণ্ডতাৰ হকে সৰ্বস্ব ত্যাগ কৰা অমৰ শ্বহীদসকলৰ আত্মবলিদানৰ অতুলনীয় গাথা সকলোৰে বাবে অনুপ্ৰেৰণা হৈ ৰ'ব।"
আজিৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামেশ্বৰ তেলী আৰু লোকসভাৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা।