/asomiyapratidin/media/media_files/2024/12/06/YmPFHhZTIKODWdxwSmJy.jpg)
ডিজিটেল সংবাদ,নতুন দিল্লীঃ নতুন দিল্লীত সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আত্মনিৰ্ভৰ ভাৰতৰ অধীনত বিগত ১০ বছৰত উত্তৰ-পূবৰ বিকাশ সন্দৰ্ভত সংবাদমেলখনৰ আয়োজন কৰে।
সংবাদমেলত তেওঁ কয় যে, ভাৰতত বিগত ১০ বছৰত বিকাশৰ হাৰ অভূতপূৰ্ব। উত্তৰ-পূৰ্বাঞ্চলেও বিগত ১০ বছৰত উন্নয়নৰ নতুন গতি পথৰে যাত্ৰা কৰিছে। কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকালত এই উন্নয়ন হোৱা নাছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
সংবাদমেলত তেওঁ লগতে কয় যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব আৰু আন্তৰিকতাপূৰ্ণ সদ ইচ্ছাৰ বাবে এতিয়া উত্তৰ-পূৱৰ মানচিত্ৰ সলনি হৈছে ৷ উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ আন্তগাঁথনিৰ উন্নয়ন হৈছে বুলিও তেওঁ উল্লেখ কৰে।
লগতে তেওঁ কয় যে, উত্তৰ-পূৱত কংগ্ৰেছৰ দিনত ৰেল লাইনৰ বৈদ্যুতিকৰণ নহ'ল। কিন্তু আজি পথ যোগাযোগ, ৰেল যোগাযোগ, ক্ৰীড়া বিশ্ববিদ্যালয়, কাৰিকৰি প্ৰতিষ্ঠান, এইমছৰ দৰে প্ৰতিষ্ঠান নিৰ্মাণ হ'ল ৷কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা বিচৰা উচিত। এটা সময়ত অসমৰ ৰাজ্যসভাৰ সাংসদ মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে থকা স্বত্বেও কোনো উন্নয়ন হোৱা নাছিল বুলি ক্ষোভ উজাৰে সোণোৱালে।
উত্তৰ-পূৱত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। শান্তি প্ৰতিষ্ঠাৰ বাবেই এইয়া সম্ভৱ হৈছে। উত্তৰ -পূৱৰ এগৰাকী বাসিন্দা হিচাপে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উক্ত সংবাদমেলখনৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো বুলি মন্তব্য কৰে সোণোৱালে।
সংবাদমেলখনতে ড. বি আৰ আম্বেদকাৰৰ পুণ্যতিথিত তেওঁক স্মৰণ কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।