/asomiyapratidin/media/media_files/2025/06/06/lLWqTB7kj4vI6VxxRceX.jpg)
ডিজিটেল সংবাদ,কোপেনহেগেন: ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডেনমাৰ্কৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্রী মর্টেন বডস্কভৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে।
দুয়োগৰাকী নেতাই সেউজ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি অংগীকাৰ প্ৰকাশ কৰে আৰু সামুদ্রিক সহযোগিতাৰ বিষয়ে মত বিনিময় কৰে। এই সৌহার্দপূৰ্ণ বৈঠকৰ ফলস্বৰূপে ভাৰতত সেউজ জাহাজ পৰিবহণৰ সন্দৰ্ভত এক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়।
/asomiyapratidin/media/media_files/2025/06/06/wff8PQBLkv65VkIkAxUt.jpeg)
এই কেন্দ্রটো দুয়োখন দেশৰ মাজত স্বাক্ষৰিত এখন বুজাবুজিৰ চুক্তিৰ (MoU) ফচল। ইয়াৰ উদ্দেশ্য হ'ল ভাৰতৰ সামুদ্রিক খণ্ডৰ গুণগত মান আৰু কাৰ্যকাৰিতা ক্ষিপ্ৰতৰ কৰা। ২০২৪ চনত স্বাক্ষৰিত সামুদ্রিক ক্ষেত্ৰৰ দ্বিপাক্ষিক বুজাবুজিৰ চুক্তিৰ অধীনত এই উৎকর্ষতা কেন্দ্র স্থাপনক উভয় মন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সামুদ্রিক সহযোগিতাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে অভিহিত কৰে।
এই সন্দর্ভত কেন্দ্রীয় মন্ত্রী শ্রী সর্বানন্দ সোণোৱালে কয়, মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছে আৰু আমি মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত বহু ৰূপান্তৰমুখী পদক্ষেপ গ্রহণ কৰিছোঁ।
/asomiyapratidin/media/media_files/2025/06/06/SGcvg2jiGR4CNRNkxON4.jpeg)
ইয়াত বন্দৰ পৰিকাঠামো, সেউজ জাহাজ পৰিবহণ, জাহাজ নির্মাণ আৰু ডিজিটেলাইজেশ্যনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ অন্তর্ভুক্ত। আমি এই ৰূপান্তৰমূলক প্রচেষ্টাসমূহত ডেনমাৰ্কৰ অংশীদাৰিত্ব আৰু বিনিয়োগ কামনা কৰিলোঁ। আমি ডেনমাৰ্কৰ সৈতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গ্ৰীণ শিপিং কৰিড'ৰৰ উন্নয়নৰ ক্ষেত্রতো আগ্রহী। ইয়াৰ সৈতে সংগতি ৰাখি উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতিৰ বিকাশ আৰু যাৱতীয় পৰিকাঠামো নির্মাণত অগ্ৰাধিকাৰ দিয়া হ'ব।"
ভাৰত আৰু ডেনমাৰ্কৰ দুয়োগৰাকী মন্ত্রীয়ে সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে, যাক ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্রেডেৰিকছেনে পৰস্পৰৰ সন্মতিক্রমে ত্বৰান্বিত কৰিছিল। সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ এই যুটীয়া পদক্ষেপে গ্রীণ মেৰিটাইম কৰিড'ৰৰ উন্নয়নৰ দিশত কাম কৰিব।
/asomiyapratidin/media/media_files/2025/06/06/88Cf0QLUapQEh1gSSuWt.jpeg)
তদুপৰি ভাৰত আৰু ডেনমার্কে সেউজ নৌ পৰিবহণৰ এই সহযোগিতাক 'অমৃত কাল দৃষ্টিভংগী ২০৪৭' ৰ সৈতে সংগতি ৰাখি ত্বৰান্বিত কৰিব আৰু ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়ামে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্স (NMHC)ৰ সৈতে নৌ ঐতিহ্য সংৰক্ষণৰ বাবে কাম কৰিব। ভাৰত আৰু ডেনমার্কে সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে, সামুদ্রিক বিষয়ৰ বুজাবুজিৰ চুক্তি হ'ব ত্বৰান্বিত।
আনহাতে মার্ক মেক-কিনি ম'লাৰ শূন্য কার্বন জাহাজ পৰিবহণ কেন্দ্ৰই সেউজ মেৰিটাইম কৰিড'ৰৰ পূৰ্ব সম্ভাব্যতা অধ্যয়ন কৰিব। তদুপৰি গুজৰাটৰ লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্স আৰু ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়ামৰ মাজত লেটাৰ অৱ ইনটেন্ট স্বাক্ষৰিত হয়। এই চুক্তিৰ উদ্দেশ্য হ'ল সাংস্কৃতিক আৰু নৌ ঐতিহ্যৰ সংৰক্ষণ আৰু মূল্যায়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা। এই পদক্ষেপে নৌ ঐতিহ্যৰ অধ্যয়ন, প্রদর্শন, প্রযুক্তিগত জ্ঞানৰ আদান-প্রদান আৰু যৌথ গৱেষণাৰ বাবে এটা ফ্রেমৱৰ্ক গঢ় দিছে।
/asomiyapratidin/media/media_files/2025/06/06/BDhIELVvZotCxGefZpKS.jpeg)
ইয়াৰ উপৰিও সর্বানন্দ সোণোৱালে কয়, "সেউজ কৌশলগত অংশীদাৰিত্বৰ যুটীয়া কাৰ্য্য পৰিকল্পনাই সামুদ্রিক খণ্ডক আগুৱাই নিয়াৰ বাবে এক শক্তিশালী পৰিকাঠামো প্রদান কৰিছে। আমাৰ সামুদ্রিক সহযোগিতা পাৰস্পৰিক বিশ্বাস, মূল্যবোধ আৰু এটা বহনক্ষম সামুদ্রিক ভৱিষ্যতৰ আধাৰত ত্বৰান্বিত হৈ আছে। লগতে আমি সামুদ্রিক খণ্ডত উদ্ভাৱনত অর্থপূর্ণ অৰিহণা যোগাই আহিছোঁ।"
দুয়োপক্ষই সেউজ জাহাজ, ডিকার্বনাইজেচন, সামুদ্রিক প্রশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন আৰু প্ৰযুক্তিৰ সহযোগিতা, আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্রহ প্রকাশ কৰে। ইয়াৰ উপৰিও ভাৰতীয় বন্দৰ সংস্থাই আহাছ বন্দৰৰ সৈতে সমন্বয় স্থাপন কৰি স্মার্ট বন্দৰৰ সমাধান বিকশিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
বৈঠকৰ সময়ত সর্বানন্দ সোণোৱালে লগতে কয় যে, "ডিজিটেল ৰূপান্তৰ আমাৰ এক পাৰস্পৰিক লক্ষ্য। জাহাজৰ পঞ্জীয়নৰ বাবে ব্লক-চেইন আৰু বন্দৰ পৰিচালনাত অটোমেচনৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ সৈতে ওতপ্রোতভাৱে মিল আছে।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us