/asomiyapratidin/media/media_files/2025/01/25/RjMUhuCTXsS8x8cE47Iv.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ "ভাৰত ৰত্ন ড° বি আৰ আম্বেদকাৰদেৱে প্ৰণয়ন কৰা আমাৰ দেশৰ সংবিধানখনৰ বাবেই আজি ভাৰতবৰ্ষৰ বুকুত থকা বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকে ঐক্যবদ্ধভাৱে ৭৫ বছৰ কাল সেই সংবিধানৰ গণ্ডিত থাকি সংবিধানে প্ৰদান কৰা অনুশাসন, নীতি-নির্দেশনা পালন কৰাৰ ফলত ভাৰতবৰ্ষই এতিয়া বিশ্বৰ ভিতৰতে শক্তিশালী গণতন্ত্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হৈছে।
ভাৰতবৰ্ষই দেখুৱাই দিছে যে যিমানেই সংবিধানৰ বয়স বৃদ্ধি হৈছে, সিমানেই দেশ অধিক শক্তিশালী হৈছে। অৱশ্যে মাজতে যদি কোনোবাই সংবিধানক কুঠাৰাঘাত কৰিছিল, সেই দলটো হৈছে কংগ্ৰেছ দল। ১৯৭৫ চনত তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰি সংবিধানে প্ৰদান কৰা সকলো মৌলিক অধিকাৰ খৰ্ব কৰি একনায়কত্ববাদী চৰকাৰ চলাবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, তাৰ ফলতেই দেশৰ যথেষ্ট ক্ষতি হ'ল আৰু সেই ক'লা অধ্যায় ভাৰতবৰ্ষৰ নাগৰিকে কেতিয়াও পাহৰিব নোৱাৰে।",
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি সংবিধান গৌৰৱ অভিযানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱাৰ পৰা ৭৫ বছৰৰ বৰ্ণিল যাত্ৰা পূৰ্ণ হোৱাৰ পথত।
এই উপলক্ষে ভাৰতীয় জনতা পার্টিৰ উদ্যোগত দেশজুৰি ৰূপায়িত "সংবিধান গৌৰৱ অভিযান"ৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ আশাপুৰ নতুন গাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আৰু সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে।
সোণোৱালে কয়, "স্বতন্ত্রতা, সমতা, ভাতৃত্ব আৰু ন্যায়ৰ পৰিভাষাক মহিমামণ্ডিত কৰা ভাৰতীয় সংবিধানক সাৰোগত কৰি মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ চৰকাৰে সকলো নাগৰিকৰ সম- মর্যাদা, সম-বিকাশ, সম-অধিকাৰৰ বাবে কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংবিধানৰ গৌৰৱধ্বজাক আগুৱাই নি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু বিকশিত ভাৰত গঢ়াৰ বাবে এই বিশেষ উপলক্ষত আমি বদ্ধপৰিকৰ হ'লোঁ।"
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, "দেশৰ সংবিধানক অৱমাননা, কুঠাৰাঘাত কৰাটো কংগ্ৰেছৰ স্বভাৱ। জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ। কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত। তেতিয়াৰ জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুনৰ গণতন্ত্র শক্তিশালী কৰাৰ বাবে জয়প্রকাশ নাৰায়ণৰ পৰা মোৰাৰজী দেশাইলৈ, অটল বিহাৰী বাজপেয়ীৰ পৰা লালকৃষ্ণ আদৱানীলৈ- সকলোৱে দেশজুৰি প্ৰবল প্রতিবাদ কৰি বহুত কষ্ট, প্রত্যাহ্বান আৰু সংগ্ৰামৰ ফলত সংবিধানৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত মাত্র ১৩ দিনৰ বাবে এখন চৰকাৰ চলিছিল, কিন্তু ইচ্ছা কৰা হ'লে পাকে-প্ৰকাৰে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন আগুৱাই নিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি আৰু লেতেৰা কূটনীতি অৱলম্বন কৰাৰ তেখেত পক্ষপাতী নাছিল।
সেইবাবেই ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত বাজপেয়ী ডাঙৰীয়াই মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈছে আৰু সেইকাৰণেই কোৱা হয় ভাৰতীয় জনতা পার্টি সকলোতকৈ পৃথক। ভাৰতীয় সংবিধানৰ প্রকৃত মূল্যায়ন কৰি মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও পিছপৰা সম্প্ৰদায়ৰ সর্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছ দলে নিজৰ শাসনকালত ৰাজভঁৰালৰ ধন দুর্নীতি-ভ্রষ্টাচাৰ কৰি নিজৰ পৰিয়ালৰ সা-সম্পত্তি বৃদ্ধি কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ প্ৰৱণতাৰ বাবেই আজি ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছ দলটোক শাস্তি প্রদান কৰিছে, নিৰ্বাচনত বাৰম্বাৰ নাকচ কৰিছে। কংগ্ৰেছে ক্ষমতা পালেই গুৰু-গোঁসাই নামানে।
এতিয়া সংবিধানৰ ৰক্ষকৰ মিছা ভাও দিয়া কংগ্রেছে শাসন পালেই সংবিধানক ভেঙুচালি কৰিব। কিন্তু সর্বজনপ্রিয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ২০১৪ চনৰ পৰা আজিলৈকে মূল্যবোধৰ ৰাজনীতিৰ দ্বাৰা সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোককে শক্তিশালী কৰি তোলা হৈছে আৰু লগতে সকলোরে সামাজিক ন্যায় লাভ কৰিছে। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ
মোদী ডাঙৰীয়ালৈ- যিবিলাক পদক্ষেপ বাস্তৱায়িত লৈছে, তাৰেই ফলস্বৰূপে সৰ্বস্তৰৰ ৰাইজৰ আস্থা-বিশ্বাস, সঁহাৰি- সমর্থন পূর্ণোদ্যমে অটুট আছে বিজেপিৰ পক্ষত।
ৰামনাথ কোৱিন্দ, দ্রৌপদী মুর্মূৰ দৰে পিছপৰা সম্প্ৰদায়ৰ ব্যক্তিয়ে ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক পদ দেশৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনত। ভাৰতবৰ্ষ হৈছে আটাইতকৈ শক্তিশালী গণতন্ত্র। কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু দুর্নীতিৰ বাবে এটা সময়ত ভাৰতবৰ্ষ এলাগী ৰাষ্ট্ৰ হৈ পৰিছিল, কিন্তু আজি দহ বছৰৰ ভিতৰতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত বিশ্বৰ মানচিত্ৰত ভাৰত এখন মর্যাদাপূর্ণ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।"
আজিৰ এই অনুষ্ঠানত সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্রুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, হাউছিং ব'ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত প্রমুখ্যে দলীয় সতীর্থসকল।