/asomiyapratidin/media/media_files/2025/01/31/U6ICR66AsaLr8EnriUcO.jpg)
দেশৰ মুখ্য বন্দৰসমূহত
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্ববাহী বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ নৱেম্বৰ, ২০২৪লৈকে ৭৬% মূলধন ব্যয়েৰে দেশৰ আন্তঃগাঁথনিপ্ৰধান মন্ত্ৰালয়সমূহৰ মাজত শীৰ্ষস্থান দখল কৰিছে। ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশিত এই অভিনৱ সাফল্যত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ প্ৰদৰ্শনৰ বিষয়ে সন্তুষ্টি ব্যক্ত কৰে।
অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫ৰ তথ্য অনুসৰি- "কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ দেশৰ বন্দৰসমূহত ক্ষমতা বৃদ্ধিৰ হাৰ বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ এপ্ৰিল-নৱেম্বৰত ৩ মেট্ৰিক টনৰ পৰা বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ এপ্ৰিল-নৱেম্বৰৰ ভিতৰত ২১ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। তদুপৰি, দেশৰ মুখ্য বন্দৰসমূহত গড় কন্টেইনাৰ পৰিৱৰ্তনৰ সময় বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৪৮.১ ঘণ্টাৰ পৰা চলিত বিত্তীয় বৰ্ষত (এপ্ৰিল-নৱেম্বৰ)ত ৩০.৪ ঘণ্টালৈ হ্ৰাস পাইছে।"
/asomiyapratidin/media/media_files/2025/01/31/CodNetEXA8ikKpF9KAs3.jpg)
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "২০২৪-২৫ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চলিত সময়লৈকে দেশৰ আন্তঃগাঁথনি খণ্ডৰ মন্ত্ৰালয়সমূহৰ মাজত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় শীৰ্ষস্থানত থকা দেখি আনন্দিত হৈছোঁ। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সূচনা কৰা ৰূপান্তৰৰ পদক্ষেপৰ ফলস্বৰূপে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি বন্দৰসমূহত ক্ষমতা বৃদ্ধিৰ এক ব্যতিক্ৰমী হাৰ লিপিবদ্ধ হৈছে।
নৰেন্দ্ৰ মোদী চৰকাৰে কেনেদৰে ভাৰতৰ সামুদ্ৰিক খণ্ডক এক শীৰ্ষ গোলকীয় শক্তিলৈ ৰূপান্তৰিত কৰিছে, এই তথ্যই তাক প্ৰতিফলিত কৰিছে। দেশৰ বিভিন্ন খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ লগতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শীঘ্ৰেই ভাৰতক বিশ্বৰ ১০ খন আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ আমি দৃঢ় পণ লৈছোঁ। ভাৰতে সামুদ্ৰিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি নিশ্চিত কৰাৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িছে।"