ডিজিটেল সংবাদ, টিংখাংঃ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/6gugp4pj/c4670a77-33b9-4274-babe-ffb719d47164.jpg)
সোণোৱালে আজি উল্লেখ কৰে, "বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা, আকাশবন্তিৰ পোহৰে ন আশাৰ সঞ্চাৰ কৰি অসমৰ সমাজ জীৱন উজলাই তোলে, তুলসী তলৰ বন্তিয়ে কঢ়িয়াই আনে পৱিত্ৰতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/0pp4au30/85716a4b-2001-4937-b3ef-8c7f5f7a2789.jpg)
কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰপৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলোঁ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/fcb06bz9/65620bbc-d6ed-4176-8f15-cb39037fd37f.jpg)
এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল- প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তৰংগ গগৈ, তেৰছ গোৱালা প্ৰমুখ্যে স্থানীয় ৰাইজ আৰু গণ্য-মান্য ব্যক্তিসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/1y48wk1j/e9d44022-8229-4caf-8b9e-bc818d200ffc.jpg)