/asomiyapratidin/media/media_files/2025/02/08/6QFK6vAfDWXUNmpQ79Gf.png)
ডিজিটেল সংবাদ,নসত্ৰঃ বিশ্ব শান্তিৰ বাবে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আয়োজিত ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীর্তনত আজি অংশগ্রহণ কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে। নসত্ৰত উপস্থিত হৈয়েই কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সুবৰ্ণ কুড়ত নাম-জপ কৰি পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰক শ্ৰদ্ধা-ভক্তিৰে স্মৰণ কৰে।
/asomiyapratidin/media/media_files/2025/02/08/yK88Y5TrxgX6sJZL0exj.jpg)
ইয়াৰ পাছতেই তেখেতে গুৰুকৃষ্ণ প্রেমানন্দ প্রভু, ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আৰু ভকত-বৈষ্ণৱসকলৰ সৈতে একেলগে অখণ্ড কীর্তনত ভাগ লয়। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল।
অনুষ্ঠানৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত সহস্রাধিক ভক্তক সম্বোধন কৰে আৰু কয়, "পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ স্মৃতিজড়িত নসত্ৰৰ এই পবিত্র স্থানলৈ আহিলে প্রতিবাৰেই কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ মই সাহস আৰু শক্তি লাভ কৰোঁ। কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্তিপ্ৰাণ ৰাইজৰ সান্নিধ্য লভি ধন্য হৈছোঁ।
/asomiyapratidin/media/media_files/2025/02/08/uy8Jw3VTPlLrvZkquV5D.jpg)
পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ মাজেৰে সমাজত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। তেৰাই আধ্যাত্মিক, সাংস্কৃতিক, শৈক্ষিকভাৱে সমাজক সংস্কাৰ প্ৰদান কৰি থৈ গৈছে। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সর্বাংগসুন্দৰ কৰাৰ বাবে আমি সংকল্প ল'ব লাগিব। তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্রমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক।
সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে। সেয়েহে আমাৰ সমাজত আধ্যাত্মিকতাৰ অতিকৈ প্রয়োজন। ইয়াৰ দ্বাৰা সমাজে ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত আগুৱাই যোৱাৰ শক্তি লাভ কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত হৈছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ হৈছে।
/asomiyapratidin/media/media_files/2025/02/08/cNZH09qL9BPiFby7KnWG.jpg)
আমাৰ দেশৰ মনীষীসকলে আধ্যাত্মিক জ্ঞান, মানৱপ্ৰেম আৰু শান্তি-সমন্বয়ৰ বাৰ্তাৰে সমাজক উদ্বুদ্ধ কৰি থৈ গৈছে। ভাতৃত্ববোধসম্পন্ন এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত তেৰাসৱৰ আদৰ্শ আৰু অমৃত বাণীয়ে আমাক সদায়েই পথ প্ৰদৰ্শন কৰি থাকিব। এইক্ষেত্ৰত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰো অন্যতম। কৃষ্ণগুৰুৰ নামৰ মহিমা আমি হৃদয়ংগম কৰি মন-প্রাণ আৰু আত্মাৰ শুদ্ধিকৰণৰ বাবে সমর্পিত হ'ব লাগিব।"
সোণোৱালে লগতে কয়, "আধ্যাত্মিকতা, সমন্বয় আৰু ভক্তিৰসৰ বর্ণাঢ্য সংমিশ্রণ হৈছে একনাম কৃষ্ণগুৰু। ভক্তিতেই আছে শক্তি-শান্তি-সম্প্রীতি। ভক্তিমার্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।
/asomiyapratidin/media/media_files/2025/02/08/zAXrNROTQ85LqkJmc9P2.jpg)
সেয়েহে ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭চনৰ ভিতৰত আত্মনিৰ্ভৰ, সমৃদ্ধ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us