/asomiyapratidin/media/media_files/2025/04/23/xGOzfgqJmt5fIaf0pHyB.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মৰ্যাদা সহকাৰে তেখেতসকলৰ মান,স্বাভিমান,মাটি, ভেঁটি ,কৃষ্টি ,সংস্কৃতি ৰক্ষাৰ বাবে যথোচিত গুৰুত্ব আৰোপ কৰা হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ লগতে ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ বাবে বৃহত্তৰ অসমৰ প্ৰতিটো প্ৰান্তৰৰ অভূতপূৰ্ব উন্নয়ন সম্ভৱ হৈছে - ঢকুৱাখনা সমজিলাৰ বাটমাৰী ৰাজহুৱা ভৱনত বুধবাৰে অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ঢকুৱাখনা জিলা বিজেপিৰ উদ্যোগত ঘিলামৰাৰ বাটমাৰী তিনিআলিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শৈক্ষিক,বৌদ্ধিক,সাংস্কৃতিক সকলো ক্ষেত্ৰতে অগ্ৰণী লক্ষীমপুৰ,ধেমাজিৰ সুনাম অক্ষুন্ন ৰখাৰ গৌৰৱত গৌৰবান্বিত বুলি কয় বাপুজীৰ উদ্ধৃতি দি সোণোৱালে কয়, পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়নতা। অৰ্থাৎ পৰিষ্কাৰ মন, পৰিষ্কাৰ কাম ,পৰিষ্কাৰ চিন্তা কৰিলেহে পৰিষ্কাৰ পৰিৱেশ নিৰ্মাণ হ'ব।
সেই পৰিষ্কাৰ দৃষ্টিভংগীৰেহে ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাতো সম্ভৱ । কেন্দ্ৰীয় চৰকাৰে সেই লক্ষ্যৰে দেশত ১৪কোটি বিজ্ঞান সন্মত অনাময় ব্যৱস্থা "সন্মানৰ ঘৰ" নিৰ্মান কৰি গ্ৰাম্য অঞ্চলৰ নাগৰিকৰ জীৱন যাত্ৰা উন্নীত কৰা বুলি তেওঁ কয়। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন গ্ৰাম্য উন্নয়ন মূলক আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে দেশে পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাবে বিশ্বৰ বুকুত নাম খোদিত কৰিবলৈ সক্ষম হোৱা বুলি কয় ।
মন্ত্ৰী সোণোৱালে কয় যে, অহা ২০৪৭চনত স্বাধীনতাৰ এশ বছৰ পূৰ্ণতা উপলক্ষত ভাৰত আত্মনিৰ্ভৰশীলতাৰ শীৰ্ষত উপনীত হ'ব বুলি কৈ তেওঁ আত্মনিৰ্ভৰ ভাৰত হ'বলৈ আত্মনিৰ্ভৰ অসম হ'ব লাগিব আৰু আত্মনিৰ্ভৰ অসম হ'বলৈ হ'লে আত্মনিৰ্ভৰ ঢকুৱাখনা হ'ব লাগিব বুলি কৈ পঞ্চায়তৰ তৃণমূল পৰ্যায়ৰ পৰা এই বাতাবৰণ গঢ় দিয়াৰ স্বাৰ্থত সমাগত পঞ্চায়ত নিৰ্বাচনৰ গুৰুত্ব ৰাইজক অনুধাৱন কৰাৰ আহ্বান জনায়।
ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ৰাজ্যিক বিজেপিৰ সদস্য প্ৰদীপ চমুৱা,বসন্ত শইকীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ, বিধায়ক নব দলে, মিত্ৰজোঁটৰ নেতা দুলাল দত্ত,লক্ষেশ্বৰ সোণোৱাল, মহেশ দলে,ঘিলামৰা,পূব ঢকুৱাখনা মাতমৰা,পশ্চিম ঢকুৱাখনা, সোৱণশিৰীকে প্ৰমুখ্য কৰি সকলো জিলা পৰিষদ সমষ্টিৰ লগতে আঞ্চলিক পঞ্চায়ত,ৱাৰ্ড সদস্য সকলৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাৰ পূৰ্বে গায়ন বায়নেৰে বৃহৎ সমদল কৰি দলীয় কৰ্মকর্তা সকলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰেক্ষাগৃহলৈ আদৰি আনে।
জনাকীৰ্ণ প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পেহেলগামৰ নৰ হত্যাক তীব্ৰ নিন্দা গৰিহণা দি যিসকল হত্যাকাৰী উগ্ৰপন্থী এই বৰ্বৰ কাণ্ডৰ সৈতে জড়িত সেই সকলক কঠোৰ শাস্তি মূলক ব্যবস্থা গ্ৰহণ কৰা হব বুলি কৈ মৃতকৰ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us