টেঙাখাতত মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা...

২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যে ঘাঁহী ফুকনবাৰী খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বিশিষ্ট অতিথি হিচাপে অংশগহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখিত মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
েি

ডিজিটেল সংবাদ,টেঙাখাত : "৫৫ বছৰে কংগ্ৰেছে এলাগি কৰি ৰখা ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বৰ চৰকাৰে ২০১৪ চনৰ পৰা নিষ্ঠাৰে কাম কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনসাধাৰণ সন্মান সহকাৰে জীয়াই থকাৰ লগতে বিশ্বৰ বুকুত সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে"-এই মন্তব্য ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । 

Advertisment

আগন্তুক ২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যে ঘাঁহী ফুকনবাৰী খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বিশিষ্ট অতিথি হিচাপে অংশগহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখিত মন্তব্য কৰে।

লগতে তেওঁ কয়,কংগ্ৰেছ দলে ৫৫ বছৰে কেৱল অন্ন বস্ত্ৰ বাসস্থানৰ শ্ল'গানতে আৱদ্ধ আছিল। ইন্দিৰা আবাস যোজনা আঁচনিকে ধৰি বিভিন্ন দিশত ব্যাপক দুৰ্নীতিত লিপ্ত আধৰুৱাকৈ পেলাই থোৱা ঘৰ সমূহ মই মুখ্যমন্ত্ৰী হৈ থকা কালত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত সুন্দৰকৈ নিৰ্মাণ কৰা হ'ল।

উল্লেখ্য যে, দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ,১৬ টা আঞ্চলিক পঞ্চায়তৰ বিজেপি এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা সমৰ্থিত ১৬০ টা ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাই মন্ত্ৰী সোণোৱালে।

তেওঁ লগতে কয়, কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে স্বচ্ছতাৰ আঁচনিত ১৪ কোটি লেটিন নিৰ্মাণ কৰা, দুখীয়া দৰিদ্ৰই খৰি জ্বলাই জুই ফুৱাই থকাৰ পৰা উদ্ধাৰ কৰি উজ্বলা আঁচনিত গেছ চিলিণ্ডাৰ যোগান ধৰা, কংগ্ৰেছে গুৰুত্ব নিদিয়া চাহ বাগিছা তথা গ্ৰাম্যাঞ্চলত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিত ৮০০ খন চাহ বাগিছাকে ধৰি গ্ৰাম্যাঞ্চলত পকীপথ নিৰ্মাণ কৰা তথা বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ বিভিন্ন আঁচনিত সমগ্ৰ অসমৰ লগতে দুলিয়াজান সমষ্টিৰ ৰাইজো বিভিন্ন দিশত লাভাম্বিত হৈছে।

দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই আঁতধৰা সভাখনত তথা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী দলীয় কৰ্মকতা বিভিন্ন সাংস্কৃতিক দল সহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত উপস্থিত ৰাইজক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক ভোটদান কৰি বিজয়ী কৰাবলৈ আহ্বান জনাই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উক্ত নিৰ্বাচনী সভাত অংশগহণ কৰি ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী অগপৰ কেন্দ্ৰীয় উপ-সভাপতি পুতুল সোণোৱালে বক্তব্য ৰখাৰ লগতে বিজেপি ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা, উপ-সভাপতি সুদৰ্শন বসুমতাৰী অসম হাউচিং বৰ্ডৰ অধ্যক্ষ সুভাষ দত্ত,  অগপৰ ডিব্ৰুগড়  জিলাৰ সভাপতি  আদিত্য গোস্বামী , দুলীয়াজান সমষ্টি সমিতিৰ সভাপতি  টুলটুল হুচেইন,  বিজেপি চাহ কোষৰ  সভাপতি ৰাজেন কুমাৰ, অসম বিজেপি টেঙাখাত মণ্ডলৰ সভাপতি দীপক সোনোৱাল দুলিয়াজান মণ্ডলৰ হেমৰাজ শৰ্মা, অসম পেট্ৰ কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম গেছ কোম্পানীৰ  উপাধ্যক্ষ ইন্দ্ৰ গগৈ, সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপাধক্ষ অনামিকা বৰশইকীয়া উপস্থিত আছিল। 

টেঙাখাত