বকোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা...

ৰাইজে মন্ত্ৰীগৰাকীক ফুলাম জাপি, গামোছা , আৰনাই আদিৰে সম্বৰ্ধনা জনায়

author-image
Asomiya Pratidin
New Update
বকোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা...

sarbananda sonowal at boko

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি জনায় । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বঙাইগাঁৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বুলি গম পাই বি জে পি দলৰ একাংশ নেতা-কৰ্মী আৰু ৰাইজে গোৱালপাৰা জিলাৰ ধূপধৰাৰ সমীপতে থকা বকো শাখাত সম্বৰ্ধনা জনোৱাৰ বাবে ৰৈ থাকে ।

সন্ধিয়া প্ৰায় ৭.৩০ বজাত মন্ত্ৰীগৰাকী শাখা আহি পায় । বি জে পি দলৰ নেতা-কৰ্মীৰ লগতে ৰাইজে মন্ত্ৰীগৰাকীক ফুলাম জাপি, গামোছা , আৰনাই আদিৰে সম্বৰ্ধনা জনায় । মন্ত্ৰীগৰাকীয়ে দলীয় নেতা-কৰ্মী আৰু ৰাইজৰ সৈতে মতবিনিময় কৰাৰ উপৰিও শাখাস্থিত থলগিৰী নামৰ হোটেলখনত আহাৰ গ্ৰহণ কৰে ।

BOKO sarbananda sonowal bjp