'কাৰ্যকৰ্তাৰ ত্যাগ, কষ্টৰ ফলতহে জনপ্ৰতিনিধি হৈ দেশ সেৱাৰ সুযোগ লাভ কৰিছো'- সৰ্বানন্দ সোণোৱাল...

sarbananda sonowal
sarbananda sonowal

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় ভৱনৰ আজি শুভ উদ্বোধন কৰে দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। এই সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা আৰু বিজেপিৰ কেন্দ্রীয় সংসদীয় ব'ৰ্ড তথা নির্বাচনী সমিতিৰ সদস্য সৰ্বানন্দ সোণোৱাল।

উল্লেখযোগ্য যে, ২০১৯ চনত সোণোৱাল মুখ্যমন্ত্ৰী আৰু ৰণজিৎ কুমাৰ দাস দলৰ ৰাজ্যিক সভাপতি হৈ থকাৰ সময়ত এই অত্যাধুনিক ভৱনটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হৈছিল। আজি খানাপাৰাত আয়োজিত বিশাল কার্যকর্তা সন্মিলনতো অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে।

ইয়াৰ পূৰ্বে দলটোৰ অগ্ৰজ কাৰ্যকৰ্তাসকলৰ চৰণ ধুৱাই সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ প্ৰতি সেৱা, সম্ভাষণ যাচে। তেওঁ উল্লেখ কৰে, "অগ্ৰজসকলৰ অভিজ্ঞতা আৰু আশীৰ্বাদে আমাক সদায়েই প্ৰেৰণা যোগাই আহিছে। বিজেপিৰ সাংগঠনিক শক্তিৰ বিস্তাৰেৰে দলটোক সৰ্বজনপ্ৰিয় আৰু সর্বগ্রহণযোগ্য দল হিচাপে উজলাই তোলাত তেখেতসকলে অশেষ ত্যাগ, কষ্ট স্বীকাৰ কৰিছে। এইসকল নমস্য জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সেৱা আৰু সমৰ্পণৰ মনোভাব আমাৰ বাবে অবিৰত প্ৰেৰণাৰ উৎস।"

আজিৰ অনুষ্ঠানত ভাষণ প্ৰসংগত সর্বানন্দ সোণোৱালে কয়, "ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত ভাৰতীয় জনতা পাৰ্টিৰ চমকপ্রদ উত্থানে কংগ্ৰেছৰ দৰে স্বেচ্ছাচাৰী দলৰ পৰিয়ালকেন্দ্ৰিক আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিৰ অৱসান ঘটাই এক বৈকল্পিক আদর্শবাদী ধাৰাৰ সৃষ্টি কৰিছিল। শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ীদেৱকে ধৰি বহু স্বনামধন্য ব্যক্তিৰ অক্লান্ত প্রচেষ্টাত ১৯৮০ চনত এই যাত্ৰা আৰম্ভ হৈছিল।

ভাৰতীয় জন সংঘৰপৰা ভাৰতীয় জনতা পাৰ্টি গঠন হোৱালৈ এই সুদূৰপ্ৰসাৰী যাত্ৰাত শ্যামাপ্রসাদ মুখার্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী আদি কৰি বহু স্বনামধন্য নেতাৰ অপৰিসীম ত্যাগ, কঠোৰ পৰিশ্ৰম আৰু অতুলনীয় দেশপ্রেম নিহিত হৈ আছে। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক সবল ৰূপ দিয়া সেইসকল বৰেণ্য সত্তালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

বহু কাৰ্যকৰ্তাই অশেষ ত্যাগ, কষ্ট স্বীকাৰ কৰি অসমতো বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিছিল। সেইসকল স্বনামধন্য ব্যক্তিলৈও মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অগ্রজ, অনুজ কাৰ্যকৰ্তাসকলৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ ফলতে আমি জনপ্রতিনিধি হিচাপে নিৰ্বাচিত হৈ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ।

সোণোৱালে লগতে কয়, "ভাৰতীয় জনতা পাৰ্টিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ, কিয়নো আমি এনে এটি দলত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছোঁ, যি "ৰাষ্ট্ৰ সৰ্বোপৰি" ভাবনাৰে পৰিচালিত, য'ত কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ দৰে নিকৃষ্ট ৰাজনীতি নচলে। ভাৰতীয় জনতা পাৰ্টিৰ মহান আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণৰ আদর্শেৰে সম্পৃক্ত।

কংগ্ৰেছৰ শাসনকালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হত্যা-হিংসাকে ধৰি পৰিয়ালকেন্দ্ৰিক অন্ধকাৰ যুগ বিৰাজমান হৈ আছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চল দেশৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত যথেষ্ট পিছপৰি আছিল।

কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰাৰ লগতে সকলো দিশতে উপেক্ষা কৰিছিল। কিন্তু ২০১৪ চনত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছৰপৰাই উত্তৰ-পূবে দোপতদোপে আগুৱাই গৈ আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ আন্তৰিকতাৰে হৃদয়ংগম কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে।

বিজেপি চৰকাৰৰ দিনতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি সদ্ভাৱনাপূৰ্ণ দৃষ্টিভংগী গঢ় লৈ উঠিছে। মোদী ডাঙৰীয়াৰ বিচক্ষণ আৰু সবল নেতৃত্বত উত্তৰ-পূবৰ বিকাশৰ যাত্রা অগ্রগ্রামী হিচাপে পৰিগণিত হৈছে আৰু সমগ্ৰ অঞ্চলটো দেশৰ অষ্টলক্ষ্মী তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে উজলি উঠিব ধৰিছে।

মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু জে পি নড্ডা ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে বিজেপিয়ে সমগ্র দেশবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰো হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনতো মাননীয় মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত দেশমাতৃৰ সেৱাত সততা, নিষ্ঠাৰে কাম কৰি যাবলৈ আমি বদ্ধপৰিকৰ।"

তদুপৰি অসমৰ দীৰ্ঘদিনৰ উগ্ৰপন্থী সমস্যাৰ অৱসান ঘটাই স্থায়ী শান্তিৰ বাতাবৰণ প্ৰশস্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগৰো ভূয়সী শলাগ লয় সোণোৱালে। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অবিৰত প্ৰগতিৰ যাত্ৰা আগুৱাই গৈছে বুলি সোণোৱালে মন্তব্য কৰে।

আজি বশিষ্ঠত উদ্বোধন হোৱা বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টোৱে দলটোৰ সাংগঠনিক দক্ষতা অধিক বৃদ্ধি আৰু সংঘবদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সোণোৱালে উল্লেখ কৰে। লগতে জে পি নড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক এই শুভ ক্ষণত উপস্থিত থাকি কার্যকৰ্তাসকলক উৎসাহ যোগোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে।

আজিৰ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাকে ধৰি অসমৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতা, বিষয়ববীয়া প্ৰমুখ্যে উৎসাহী কার্যকর্তাসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in