/asomiyapratidin/media/media_files/2025/07/18/vbnnbnbb-2025-07-18-23-44-43.jpg)
বিজয়া চক্ৰৱৰ্তীক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে বিজয়া চক্ৰৱৰ্তীৰ গুৱাহাটীস্থিত বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ তেখেতৰ সৈতে কুশলবাৰ্তা বিনিময় কৰে আৰু স্বাস্থ্যৰ খবৰ লয়।
সোণোৱালে উল্লেখ কৰে যে, "ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী বিজয়া চক্ৰৱৰ্তী বাইদেৱে ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰে দলৰ লগতে সমাজ জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদানে আমাক অনুপ্ৰাণিত কৰি আহিছে। অসমত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত আগভাগ লোৱা বাইদেউৰ বহুমূলীয়া দিহা-পৰামৰ্শ আৰু আশীৰ্বাদ আমাৰ সদায়েই কাম্য। বাইদেউৰ সান্নিধ্যই আমাক প্ৰেৰণা যোগাই আহিছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।"