/asomiyapratidin/media/media_files/2025/06/26/regergter-2025-06-26-19-50-22.jpg)
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে একালৰ সতীৰ্থ তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বৃহস্পতিবাৰে বিয়লি ভট্টাচাৰ্যৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ সদ্যপ্ৰয়াত বীণা ভট্টাচাৰ্যৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে সোণোৱালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আছুৰ একালৰ সতীৰ্থ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই সোণোৱালে আইগৰাকীৰ প্ৰেৰণাদায়ক সান্নিধ্য আৰু জাতীয় চেতনা সদায়েই সজীৱ হৈ থাকিব বুলি উল্লেখ কৰে।
ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকো আলিংগনেৰে সমবেদনা জনাই দিলে সাহস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।