/asomiyapratidin/media/media_files/2025/08/02/1-2025-08-02-22-03-41.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাবিদ, সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড° নগেন শইকীয়াৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপস্থিত হয়। শিক্ষাবিদগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত বুজ লোৱা লগতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে বিভিন্ন সামাজিক-সাংস্কৃতিক বিষয়ত আলোচনা কৰে।
এই সময়ছোৱাত শ্ৰী সোণোৱালে ড০ শইকীয়াক লগ পোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁক অসমৰ সাহিত্য আৰু শৈক্ষিক পৰিৱেশৰ এগৰাকী উচ্চ ব্যক্তি বুলি অভিহিত কৰে। মন্ত্ৰী সোণোৱালে কয়, ‘ড০ নগেন শইকীয়া ছাৰৰ জীৱন দৰ্শন আৰু তেওঁৰ অমূল্য কৰ্মৰাজীয়ে আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰাই নহয়, নৱপ্ৰজন্মৰ বাবেও এক স্থায়ী প্ৰেৰণাৰ উৎস হিচাপেও কাম কৰিছে।
তেওঁ কয়, ‘আজি তেওঁৰ সৈতে সময় কটোৱাৰ লগতে তেওঁৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন লাভ কৰাতো এক সৌভাগ্যৰ কথা। তেওঁৰ চিন্তা আৰু পৰামৰ্শই মোক গভীৰভাৱে অনুপ্ৰাণিত কৰিছে। তেওঁৰ অবিৰত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ড° শইকীয়া। সেয়ে স্বাস্থ্যৰ বুজ লোৱা উদ্দেশ্যে আজি নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী সোণোৱাল। লগতে বিশিষ্ট সংগীতজ্ঞ, সুৰকাৰ চৈয়দ চাদুল্লাৰ গৃহতো উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।