Advertisment

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা : বেদ-মন্ত্ৰৰ ধ্বনিৰে মুখৰ হৈ পৰিব শিক্ষানুষ্ঠানসমূহ

“জয় জয় দেৱী চৰাচৰসৰে, কুচযুগশোভিতা মুক্তহাৰ বীণাপুষ্কৰঞ্জিতস্তে, ভাগৱতী ভাৰতী দেৱী নমস্তে।।” আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা।

author-image
Asomiya Pratidin
New Update
আজি সৰস্বতী পূজা

আজি সৰস্বতী পূজা

ডিজিটেল ডেস্ক : “জয় জয় দেৱী চৰাচৰসৰে, কুচযুগশোভিতা মুক্তহাৰ বীণাপুষ্কৰঞ্জিতস্তে, ভাগৱতী ভাৰতী দেৱী নমস্তে।।” আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত আই সৰস্বতীক আৰাধনা কৰা হয়।

Advertisment

সেয়ে আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিব। বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আদিৰ লগতে হোমাগ্নি, ধূপ-ধূনাৰ সুবাসে সুশোভিত হৈ পৰিব ৰাজ্যৰ আকাশ- বতাহ। এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজতে শিক্ষাৰ্থীসকলে বাগদেৱীৰ পৰা বিচাৰব আশিষ।

সৰস্বতী পূজা