Advertisment

ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱাত সৰস্বতীৰ বন্দনা : মূৰ্তি পূজাৰ পৰিৱৰ্তে সৰস্বতী সবাহ...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো উলহ- মালহেৰে ব্যতিক্ৰমী পৰম্পৰাৰে সোমবাৰে সৰস্বতী সবাহ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বাগ্ দেৱীৰ বন্দনা

বটদ্ৰৱাত বাগ্ দেৱীৰ বন্দনা

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো উলহ- মালহেৰে ব্যতিক্ৰমী পৰম্পৰাৰে সোমবাৰে সৰস্বতী সবাহ অনুষ্ঠিত হয়। সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত সৰস্বতী দেৱীৰ মূৰ্তি পূজাৰ পৰিবৰ্তে আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগতভাৱে নাম -কীৰ্তনৰ মাজেৰে সৰস্বতী সবাহ উদযাপন কৰা হয়।

Advertisment

বটদ্ৰৱাৰ শংকৰদেৱ শিশু নিকেতনত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে দেৱী সৰস্বতীৰ থাপনাৰ সন্মুখত একেলগে সেৱা আগবঢ়ায়। পাছত সৰস্বতী বন্দনা, নাম কীৰ্তনৰ অন্তত সকলোৱে আশীৰ্বাদ গ্ৰহন কৰে।

শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা ছাত্ৰ- ছাত্ৰী, অভিভাৱক-আভিভাৱিকা, অতিথিসকলক মাহ- প্ৰসাদ আৰু খিচিৰিৰে অপ্যায়ন কৰা হয়। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক মহেন্দ্ৰ কন্দলি সংস্কৃত টোলত পুৱাৰে পৰা মাংগলিক কাৰ্যসূচীৰে সৰস্বতী সবাহ অনুষ্ঠিত হয়।

আনহাতে বটদ্ৰৱা জাাতীয় বিদ্যালয়়, শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, সতী ৰাধিকা উচ্চ মাধ্যমিক বিদ্যালয়তো নাম কীৰ্তনৰ মাজেৰে সৰস্বতী সবাহ উদযাপন কৰা হয়।

সৰস্বতী পূজা