/asomiyapratidin/media/media_files/2025/02/03/iAKNLvRnYiEKH1T4A564.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে সৰস্বতী পূজা । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে শিক্ষানুষ্ঠানসমূহত ব্যাপক উৎসাহ-উদ্দীপনাৰে বাগদেৱী বীণাপানীৰ আৰাধনা কৰা দেখা গৈছে ৷ পুৱাৰে পৰা পূজাৰীৰ মন্ত্ৰোচ্ছাৰণ আৰু দেৱী বন্দনাৰে শিক্ষানুষ্ঠানসমূহৰ চৌপাশত এক আধ্যাত্মিক পৰিৱেশ গঢ় লৈছে ।
পূজা উপলক্ষে দেৱী প্ৰতিমাৰ সন্মুখত সমূহীয়াকৈ ধূপ-দ্বীপ জ্বলাই, বুট, মগুৰ, কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদি নৈবদ্য আগবঢ়াই সৰস্বতীয়ে সকলোৰে কণ্ঠত,স্মৃতিত ঠাই ল'বলৈ বিভিন্নজনে সেৱা-প্ৰাৰ্থনা জনায় ৷ ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শৈক্ষিক জীৱনৰ মংগল কামনাৰে আই সৰস্বতীক পূজা-অৰ্চনা কৰা তথা সেৱা জনাবৰ বাবে বিদ্যালয়সমূহৰ পূজাস্থলীত প্ৰচণ্ড ভিৰ কৰা দেখা গৈছে ৷
সৰস্বতী পূজা উপলক্ষে আজি অঞ্চলটোৰ পুৰণি শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ব্ল'চম পাব্লিক স্কুল, মথুৰাপুৰ ছোৱালী হাইস্কুল, মথুৰাপুৰ বাগিচা বিদ্যালয়কে প্ৰমুখ্যে কৰি বহু শিক্ষানুষ্ঠানত বাগদেৱীৰ বন্দনাৰে বিভিন্ন আধ্যাত্মিক পৰম্পৰাৰে সৰস্বতী পূজা পালন কৰিছে ।