/asomiyapratidin/media/media_files/2025/02/03/jcdUJ5q5fWWA3vokfkct.jpg)
সৰস্বতী পূজাত পৰিয়ালসহ উপস্থিত জয়ন্ত বৰুৱা
ডিজিটেল ডেস্ক : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ভাস্কৰ নগৰস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰতো উলাহ- মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা। বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ সহযোগত সোমবাৰে পালন কৰা হয় পূজাভাগ।
/asomiyapratidin/media/media_files/2025/02/03/0qRX6quXc7gQEtCOY7uj.jpg)
ছাত্ৰ- ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পূজাৰ মণ্ডপটিয়ে প্ৰদান কৰিছে অন্য মাত্ৰা। তাৰোপৰি ছাত্ৰ- ছাত্ৰীয়ে নিজে হাতে তৈয়াৰ কৰিছে এটি আটকধুনীয়া চেলফি জ’ন। কণ-কণ ছাত্ৰ- ছাত্ৰীৰ পৰা অভিভাৱকসকললৈ সকলোৱে আহি সেৱা জনাইছে বিদ্যাৰ অধিষ্ঠাত্ৰীৰ শ্ৰীচৰণত।
/asomiyapratidin/media/media_files/2025/02/03/qtukYbtcA41Jhy0YG6kb.jpg)
উল্লেখযোগ্য যে বেদ মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হৈ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে বিদ্যালয়খনত। তাৰ মাজতে পত্নী ৰুবি বৰুৱা, কন্যা স্মিতাক্ষী বি গোস্বামী আৰু নাতিসহ উপস্থিত হয় বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ পুত্ৰ, সাদিন - প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা।
/asomiyapratidin/media/media_files/2025/02/03/EDph1UUd1OfRLrGfbbPd.jpg)
উখল- মাখল পৰিৱেশৰ মাজতে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকী পৰিয়ালসহ উপস্থিত হোৱাত আনন্দ প্ৰকাশ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। তাৰোপৰি জয়ন্ত বৰুৱাক ডিব্ৰুগড়ৰ হনুমান বস্ক কানৈ মহাবিদ্যালয়ে প্ৰদান কৰা হাছান চৰিফ আহমদ বঁটা লাভ কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/02/03/o8oe0gUSsxfoBOVtGdaJ.jpg)
ইফালে বিদ্যালয়খনত উপস্থিত হৈ আনন্দ অনুভৱ কৰা বুলি মন্তব্য কৰে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে। তেওঁ কয়- প্ৰতি বছৰে এই পূজাভাগ আমি আয়োজন কৰি আহিছো। বিদ্যালয়খনৰ জন্মলগ্নৰে পৰা হেমকোষ পৰিয়াল ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। লগতে এই স্কুলখনৰ ওচৰে-পাজৰে থকা নিচলা শ্ৰেণীৰ ল’ৰা- ছোৱালীসকলক বিনীমূলীয়াকৈ শিক্ষাদান কৰাৰ কথাও তেওঁ ব্যক্ত কৰে।
/asomiyapratidin/media/media_files/2025/02/03/J66vVHnExPbd0NOyh3VM.jpg)
তাৰোপৰি বিদ্যালয়খনত উপস্থিত থকা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে এই বিদ্যালয়খন হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাই প্ৰতিষ্ঠা কৰিছিল। এই বিদ্যালয়খনত সমাজৰ নিচলা শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি অহা হৈছে।
/asomiyapratidin/media/media_files/2025/02/03/NyZ0bEqiNiVO1piQUEy3.jpg)
আনহাতে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক তথা জয়ন্ত বৰুৱাৰ কন্যা স্মিতাক্ষী বি গোস্বামীয়েও কেতবোৰ মন্তব্য কৰে। তেওঁ পোনতে আটাইলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। তাৰোপৰি আজিৰ এই দিনটোত সকলোকে যাতে দেৱীয়ে মংগল কৰে, তাৰ বাবে প্ৰাৰ্থনা জনাই প্ৰতিদিন টাইমৰ সঞ্চালকগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/02/03/HyZ5iw7iNwGnklIdLoyX.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিদ্যালয়খনত ন- পুৰণি ছাত্ৰ- ছাত্ৰীকে ধৰি ভাস্কৰ নগৰ অঞ্চলৰ ভালেসংখ্যক শুভাকাংখী উপস্থিত থাকে। তাৰোপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ভট্টাচাৰ্য আৰু সম্পাদক বলোৰাম কলিতাই পূজাভাগ সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/02/03/6hh5MvtyuB5IjNU0ROPO.jpg)