সৰস্বতী বাগধ্বনিৰ ২০২৫-২৬ বৰ্ষৰ পাঠদান আৰম্ভ

উ:-পূ:ৰ বধিৰৰ বাবে আধুনিক আৰু বিজ্ঞানসন্মত একমাত্র শিক্ষানুষ্ঠান সৰস্বতী বাগ্ধ্বনিৰ ২০২৫-২৬ বৰ্ষৰ পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। এই প্রতিষ্ঠানত পাঠ গ্রহণ কৰি ইতিমধ্যে বহুসংখ্যক ছাত্র-ছাত্ৰীয়ে বিভিন্ন প্রতিষ্ঠানত নিযুক্ত হৈ আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
আর্থিকভাবে দুর্বল বধিৰ ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব লোৱাৰ মুকলি আহ্বান

আর্থিকভাবে দুর্বল বধিৰ ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব লোৱাৰ মুকলি আহ্বান

ডিজিটেল সংবাদ, গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ বধিৰৰ বাবে আধুনিক আৰু বিজ্ঞানসন্মত একমাত্র শিক্ষানুষ্ঠান সৰস্বতী বাগ্ধ্বনিৰ ২০২৫-২৬ বৰ্ষৰ পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। কাণেৰে নুশুনাৰ ফলত কথা ক'ব নোৱৰা শিশুৰ শিক্ষাৰ নিৰ্ভৰযোগ্য এই প্রতিষ্ঠানত পাঠ গ্রহণ কৰি ইতিমধ্যে ৰাজ্যৰ বহুসংখ্যক ছাত্র-ছাত্ৰীয়ে চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠানত নিযুক্ত হৈ আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। এই শিক্ষানুষ্ঠানখন সীমিতসংখ্যক ছাত্র-ছাত্ৰীৰে এটা এন জি অ'ৰ তত্ত্বাৱধানত চলি আছে। 

Advertisment

অৱশ্যে শিক্ষানুষ্ঠানখনত নামভৰ্তিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক দুখীয়া অভিভাৱকৰ ছাত্ৰ-ছাত্ৰী আহিছে যদিও তেওঁলোক মাচুল পৰিশোধৰ বাবে অপাৰগ। দুচকুত সপোন লৈ অহা এই শিশুসকলৰ অভিভাৱকৰ আঁকুল আহ্বান শুনি চিন্তিত হৈ পৰিছে পৰিচালনা সমিতি। সন্তানৰ মুখৰ মাত শুনিবলৈ ব্যাকুল হৈ পৰা পিতৃ-মাতৃৰ মাথো এটাই কথা-'কিবা এটা কৰক ছাৰ'। কিন্তু অসহায় হৈ পৰিছে পৰিচালনা সমিতি। কিয়নো অতি কমসংখ্যক ছাত্র-ছাত্ৰীৰে বিদ্যালয়খন পৰিচালনা কৰিবলগীয়া হোৱাত স্কুল কর্তৃপক্ষয়ো তেওঁলোকক নামভৰ্তি কৰাবলৈ অসমৰ্থ।

ইতিমধ্যে কেইবাজনো দুখীয়া অভিভাৱকৰ ছাত্ৰ-ছাত্ৰীক ৰেহাই হাৰত আৰু বিনামূলীয়াভাৱে পঢ়ুৱাই আছে বিদ্যালয় কর্তৃপক্ষই। সেয়ে এই সন্দর্ভত বৃহস্পতিবাৰে এখন কার্যনির্বাহক সভা অনুষ্ঠিত কৰা হয়। সভাই আর্থিকভাবে দুর্বল এইসকল শিশুৰ দায়িত্ব গ্রহণ কৰিবলৈ অসমবাসীক আহ্বান জনায়। কাৰ্যনিৰ্বাহক সভাই এই দৰিদ্ৰ পৰিয়ালৰ বধিৰ শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত এগৰাকীকৈ হ'লেও ছাত্র বা ছাত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ সুহৃদয় ব্যক্তিলৈ আহ্বান জনাইছে। আপোনাৰ অকণমান সহানুভূতি পালে তেওঁলোক আগুৱাই যোৱাত সহায়ক হ'ব। এই মহৎ কাৰ্য সম্পাদন কৰিবলৈ আগ্রহী ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানক স্কুল কর্তৃপক্ষৰ সৈতে ৬০০১১-০০৫১৯ অথবা ৮৬৩৮৫-৩৩০১০ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

সৰস্বতী বাগধ্বনি