মুছলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

শৰণীয়া কছাৰীক পূৰ্বৰ দৰে কছাৰী জাতি হিচাপে জনজাতি প্ৰমানপত্ৰ প্ৰদান, পূৰ্বৰ ১৯৬১ চনৰ  লোকপিয়লৰ দৰে এইবাৰ লোকপিয়লত শৰণীয়া কছাৰীক শৰণীয়া কছাৰী  হিচাপে অন্তৰ্ভুক্তকৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত

author-image
Asomiya Pratidin
New Update
410

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰত বুধবাৰে সদৌ অসম শৰণীয়া -কছাৰী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । শৰণীয়া কছাৰীক পূৰ্বৰ দৰে কছাৰী জাতি হিচাপে জনজাতি প্ৰমানপত্ৰ প্ৰদান, পূৰ্বৰ ১৯৬১ চনৰ  লোকপিয়লৰ দৰে এইবাৰ লোকপিয়লত শৰণীয়া কছাৰীক শৰণীয়া কছাৰী  হিচাপে অন্তৰ্ভুক্তকৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত বহু  শতাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰুষ- মহিলাই ধৰ্ণা আৰু প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

Advertisment

উল্লেখযোগ্য যে, মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত প্ৰখৰ ৰ'দকো নেওচি  নিজৰ সমস্যা সমাধানৰ দাবীত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰীসকলে আমাৰ দাবা নায্য দাবী, শৰনীয়া কছাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব, শৰনীয়া কছাৰী বিৰোধী চক্ৰ হুচিয়াৰ,   স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক, শৰনীয়া কছাৰী ঐক্য জিন্দাবাদ, নো চল্যুচন নো ৰেষ্ট, বিৰোধী চক্ৰ নিপাত যাওক, ভিক্ষা নহয় অধিকাৰ লাগে ইত্যাদি শ্লোগানেৰে পৰিৱেশ কপাই তোলে ৷

তাৰোপৰি দাবী মানি নল'লে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

protest baksa