/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d22958cc-1102-4edd-8531-44705e7e791f/flyover_22.jpg)
flyover
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চলি আছে। এই উৰণীয়া সেতুসমূহৰ ভিতৰত আৰ্যবিদ্যাপীঠৰ সন্মুখৰে পাৰ হৈ যোৱা উৰণীয়াসেতুখনৰ নিৰ্মাণ প্ৰায় শেষ হৈ উঠিছে।
প্ৰকাশিত খবৰ মতে অহা ২ অক্টোবৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ব এই নিৰ্মীয়মান উৰণীয়া সেতুখন। পূজাৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচৰ পূৰ্বে জনসাধাৰণৰ বাবে মুকলি কৰিব এই উৰণীয়া সেতুখন। সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।