বটদ্ৰৱাৰ ক্ষুদ্ৰ ব্যৱসায়ী, বাতৰি কাকত বিতৰক সন্তোষ ঠাকুৰ আৰু নাই

নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত চেলুন ব্যবসায় কৰি জীৱন নিৰ্বাহ কৰা সৰবৰহী যুৱক সন্তোষ ঠাকুৰৰ বৃহস্পতিবাৰে নিশা বিয়োগ ঘটে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সন্তোষ ঠাকুৰ

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত চেলুন ব্যবসায় কৰি জীৱন নিৰ্বাহ কৰা সৰবৰহী যুৱক সন্তোষ ঠাকুৰৰ বৃহস্পতিবাৰে নিশা বিয়োগ ঘটে। উল্লেখ্য যে ৩২ বছৰীয়া সন্তোষ ঠাকুৰ যোৱা ৯ এপ্ৰিলৰ নিশা ঘৰৰ সমীপতে এটা সৰু দুৰ্ঘটনাত পতিত হৈ মাটিত ঢলি পৰিছিল আৰু মূৰৰ পৰা ৰক্তক্ষৰণ হৈছিল।

Advertisment

দুৰ্ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও নিশা হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তাৰ পাছত পুনৰ পৰিয়ালৰ সদস্যই চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে  আৰু আদবাটতে মৃত্যু হয়।

সৰলমনৰ, মৃদুভাষী, পৰোপকাৰী যুৱকজনৰ অকাল মৃত্যুত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি সন্তোষ ঠাকুৰে পুৱা বটদ্ৰৱা অঞ্চলত বাতৰি কাকতৰ বিতৰকৰ কামত নিয়োজিত হৈছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুটি কণমানি পুত্ৰ, পিতৃ মাতৃ, ভাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

batadraba