ৰঙিয়া মহাবিদ্যালয়ত সংস্কৃত দিৱস পালন

ৰঙিয়া মহাবিদ্যালয়ত সংস্কৃত দিৱস পালন

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মহাবিদ্যালয়ত সংস্কৃত দিৱস পালন

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়া মহাবিদ্যালয়ত সোমবাৰে সংস্কৃত বিভাগৰ উদ্যোগত সংস্কৃত দিৱস পালন কৰে। মহাবিদ্যালয়ৰ কনফাৰেন্স হলত সংস্কৃত দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই। আৰম্ভণিতে সহঃ অধ্যাপক পিংকু কলিতাই বেদমন্ত্ৰ পাঠ কৰা সংস্কৃত দিৱসত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্কৃত বিভাগৰ বিভাগীয় প্ৰধান অধ্যক্ষা দীপা ভট্টাচাৰ্য্যই।

Advertisment

সংস্কৃত দিৱসৰ তাৎপৰ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই। সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি সহঃ অধ্যাপক কৌশিক কুমাৰ শৰ্মাৰ পৰিচালনাত মহাকবি কালিদাসৰ অভিজ্ঞান শকুন্তলাম শীৰ্ষক এখনি একাংকিকা নাট শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে।

তাৰপিছত দলীয় নৃত্য,একক নৃত্য আদি পৰিবেশন কৰাৰ উপৰিও শিক্ষাৰ্থীসকলে সংস্কৃত দিৱসৰ ওপৰত নিজস্ব অনুভৱ ব্যক্ত কৰে। শেষত মহাবিদ্যালয়ৰ ছাত্ৰী মানসী দেৱীৰ শলাগৰ শৰাইৰে সংস্কৃত দিৱসৰ সামৰণি পৰে।

Also Read: মহিলা চিকিৎসকক শাৰিৰীক নিৰ্যাতন আৰু হত্যাৰ ন্যায় বিচাৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ

rangiya college