ডিজিটেল সংবাদ, বটদ্ৰৱা: ৰাজ্যৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন "এ বি আৰ চি ফাউণ্ডেশ্যন"ৰ তৰফৰ পৰা সোমবাৰে কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্মৰতা মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰা হয়। এ বি আৰ চি ফাউণ্ডেশ্যনৰ প্ৰবন্ধ সঞ্চালক অংকুৰ মনি কলিতা আৰু সঞ্চালক দিব্যজ্যোতি বৰুৱাই আজি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা এই স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰত "আৰ জি কৰ মেডিকেল কলেজত কৰ্তব্যৰত মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ লগত জড়িত সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওঁক। উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰাৰ লগতে সংগঠিত - অসংগঠিত কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দ্ৰুত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰক। এইধৰনৰ ঘৃণনীয় কাণ্ড কঠুৱাৰ পৰা আৰম্ভ কৰি হাথৰচত মহিলাক ধৰ্ষণ কৰি হত্যা, মণিপুৰত মহিলাক ধৰ্ষণ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ছাত্ৰীক ধৰ্ষণ কাণ্ডকে আদি নিতৌ মাতৃ শক্তিৰ উপৰত অন্যায় অবিচাৰৰ আমি কঠোৰ পৰা কঠোৰতম শাস্তি দাবী তুলিছো। আমি আহবান জনাইছোঁ কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্মৰতা মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰক। যাতে ভবিষ্যতৰ দিনত নাৰীৰ ওপৰত এনেধৰনৰ পৈশাচিক আৰু অমানুষিক অত্যাচাৰ কৰিবলৈ অহা প্ৰতিজনে এশবাৰ চিন্তা কৰিবলৈ ব্যাধ হয়।" বুলি উল্লেখ কৰা হৈছে।