/asomiyapratidin/media/media_files/2025/08/03/00-2025-08-03-19-40-13.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ নতুন সমজিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সংস্কৃতি ছুমানীক । ৰাজ্য চৰকাৰৰ ই চি এফ ৬৮৫৮১২/৩-কিউ নম্বৰৰ এক নিৰ্দেশনাযোগে তেওঁক ঢকুৱাখনা সমজিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।
আনহাতে পূৰ্বৰ আয়ুক্ত কাৰ্ত্তিক কলিতাক ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। আয়ুক্ত কলিতাৰ স্থানতে নতুনকৈ ঢকুৱাখনা সমজিলাৰ আয়ুক্ত হিচাপে সংস্কৃতি ছুমানীক নিযুক্তি দিয়া হৈছে ।