/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f97e39b7-5986-4a9d-85a7-78e4fcf6b2ac/sankar.jpg)
sankardeva
ডিজিটেল সংবাদ,কলিয়াবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ কলিয়াবৰ আঞ্চলিক সমাজৰ ব্যৱস্থাপনাত ৩ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহাপুৰুষ শঙ্কৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উৎসৱ আৰু আঞ্চলিক সমাজৰ মধ্য কালীন অধিবেশনৰ বুধবাৰে অন্ত পৰে।
শঙ্কৰ মাধৱ ক্ষেত্ৰ চতিয়াল বৰ নামঘৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা পুৱা প্ৰাতঃ প্ৰসঙ্গৰ পাছতে ধৰ্ম ধ্বজা উত্তোলন কৰে বনমালী ভূঞাই।
স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে তিলক ডেকাই। ইয়াৰ পাছতে উপেন চন্দ্ৰ বৰা আৰু মিনু বৰুৱাৰ সঞ্চালনাত ক্ৰমে গুৰু সমাজৰ সাধাৰণ পৰিষদৰ সভা আৰু আই মাতৃ উপ সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। দ্বিতীয় দিনা চিকুনি শইকীয়াৰ সঞ্চালনাত কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
বুধবাৰে তথা অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ভাগৱত ভ্ৰমণৰ পাছতেই নাম প্ৰসংগ অনুষ্ঠিত হয়। ইফালে, কলিয়াবৰ জিলা বৈদিক সমাজৰ উদ্যোগত সোনাৰি গাওঁ হাজাৰ সমিতিৰ ব্যৱস্থাপনাত জন্ম জয়ন্তী উৎসৱ ভাগ সোনাৰি গাওঁ তেতেলীগুৰি নামঘৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দলগাওঁঁ প্ৰাথমিক শাখাৰ উদ্যোগতো বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ৫৭৪ সংখ্যক জন্ম জয়ন্তী উৎসৱ ভাগ পালন কৰা হয়।
পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে ধৰ্ম ধ্বজা উত্তোলন কৰে সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই। ভাগৱত পাঠৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া প্ৰত্যেক গৃহস্থৰ পদুলিত বন্তি প্ৰজ্বলন কৰা হয়।