
ডিজিটেল সংবাদ, বটদ্রৱাঃ "মহাপুৰুষ শ্ৰীমন্ত গুৰুজনা এজন পূৰ্ণ মানৱ। পূৰ্ণ মানৱ মানে তেওঁ সকলো কলাৰ অধিকাৰী। বটদ্ৰৱা গুৰুপুৰুষৰ জন্মস্থান। আমাৰ হৃদয়ত থকা গুৰুৰ জন্মভূমি বটদ্ৰৱাক কোনেও মচিব নোৱাৰে।" এই মন্তব্য শংকৰী সংস্কৃতিৰ সাধক তথা বৈষ্ণৱ গৱেষক, পণ্ডিত ড০ নৰেন কলিতাৰ।
জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যাক জন্ম জয়ন্তী উৎসৱৰ আজি তৃতীয় দিনাৰ ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি তেওঁ লগতে কয় "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বৰ শ্ৰেষ্ঠ মানৱ। তেওঁৰ দৰে শ্ৰেষ্ঠ নাট্যকাৰ, সাহিত্যিক, সমাজ সংস্কাৰক বিশ্বতে বিৰল।"
বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ পৌৰহিত্যত বৃহস্পতিবাৰে বিয়লি বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত গুৰুজয়ন্তীৰ মূল ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য শণিৰাম দাসে কয় যে, গুৰুজনাৰ প্ৰতি আমাৰ জীৱন সমৰ্পিত। জন্মভূমি বটদ্ৰৱাৰ প্ৰতি আমি চিৰ কৃতজ্ঞ। আমি গৌৰৱান্বিত সেইজন গুৰু অসমৰ অসমীয়া হিচাপে। গুৰুজনাই যি আধ্যাত্মিক দৰ্শন, সাংস্কৃতিক সৃষ্টি কৰিছিল সেয়া অতুলনীয়। সেই কথা মহাত্মা গান্ধীয়েও কৈ গৈছে। আমি অপ্ৰাসংগিক হৈ যাম কিন্তু গুৰু শঙ্কৰদেৱ আৰু মাধৱদেৱ হেজাৰ হেজাৰ বছৰলৈ জীয়াই থাকিব।
সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই। ভাষণ প্ৰসঙ্গত ভোগেশ্বৰ বৰা দেৱে কয় যে, বটদ্ৰৱাৰ সাংস্কৃতিক শৈলীৰ স্বকীয়তা অপূৰ্ব আৰু অনান্য।
বটদ্ৰৱা থান পৰিচালনা সমিতিক অকল আন্তঃগাঁথনি উন্নীতকৰণত ব্যস্ত নাথাকি বৰদোৱাৰ বৌদ্ধিক আৰু নান্দনিক সংস্কৃতিৰ উত্তৰনৰ বাবে অধিক যত্নপৰ হওঁক বুলি আহ্বান জনায়।
পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অৰূপ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সাহিত্যিক থগিত মহন্তই ভাষন প্ৰসংগত কয় যে, "মই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহি যি প্ৰশান্তি অনুভৱ কৰোঁ, সেই প্ৰশান্তি আন কতো পোৱা নাই। বটদ্ৰৱা সদায় বটদ্ৰৱা হৈ থাকিব, ইয়াৰ প্ৰশান্তি সৰ্বশ্ৰেষ্ঠ। বৰদোৱা সদায় সেউজীয়া হৈ থাকক"। লগতে তেওঁ নৱ প্ৰজন্মক গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাই।
হীৰামণি বৰুৱাই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ হোৱা ধৰ্মালোচনী সভাতে গুৰু জন্ম জয়ন্তী উৎসৱ উপলক্ষে অনুষ্ঠিত দিহা নাম প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগীতা আৰু দিহানাম প্ৰতিযোগীতাৰ বঁটা বিজয়ী সকলক পুৰস্কাৰ বিতৰন কৰা হয়।
সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধাণ সম্পাদক প্ৰফুল্ল বৰা একশৰণ ভাগৱতী সমাজৰ মোলান দাসকে আদি কৰি থানৰ ভকত বৈষ্ণৱ, আইমাতৃ, স্থানীয় ৰাইজ সহ সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানত নামতি দলৰ দিহানাম পৰিবেশন কৰে।