মাইবেলাত দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী...

স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা শংকৰী নৃত্য আৰু দিহানাম পৰিবেশন

author-image
Asomiya Pratidin
New Update
মাইবেলাত দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী...

sankardev

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ মাইবেলা বৰ নামঘৰৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হয় ৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জয়ন্তীৰ উপলক্ষে পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰে নামঘৰীয়া নোমাল ৰাজকোঁৱৰে ।

পৰিচালনা সমিতিৰ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইয়ে বন্তি প্ৰজ্বলন কৰা পিচতে নৱ- নিৰ্মিত স্থায়ী তোৰণ শুভ উদ্বোধন কৰে সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

ইয়াৰ পাছত নামচাৰ্য্য কাশীৰাম ভূঞাই নাম প্ৰসংগৰে অবিৰত ভাগৱত পাঠৰ শুভাৰম্ভ কৰে ৷ বুধবাৰে পুৱা ভাগৱত পাঠৰ অন্তত বৰগীত পৰিবেশন কৰা হয় ৷ দুপৰীয়া স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা শংকৰী নৃত্য আৰু দিহানাম পৰিবেশন কৰা হয় ৷ বিয়লি প্ৰসাদ বিতৰণৰে কাৰ্যসূচীৰ সামৰণি পৰে ৷

sankardev charaideu