শ্ৰীকৃষ্ণ ভূমি বৃন্দাবনত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ সমাৰোহৰ সফল সামৰণি...

প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকক সম্বৰ্ধনা
sankardev
sankardev

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভগৱন্ত শ্ৰীকৃষ্ণ ভূমি বৃন্দাবনত কালিৰে পৰা অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ সমাৰোহৰ দেওবাৰে নিশা সফল সামৰণি পৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত সূত্ৰধাৰ শীৰ্ষক এক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ সমাৰোহৰ দ্বিতীয় দিনা পুৱা ৮ বজাত অসমীয়া নামঘৰ সদৃশ পৰিবেশেৰে পৰিবেষ্টিত গুৰু আসনৰ সন্মুখত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে "চলৰে চল বন্ধু উদ্ধৱ হে" শীৰ্ষক গীত পৰিবেশন কৰি পুৱা প্ৰসংগ কৰাৰ পাছত "জয় হৰি গোৱিন্দ" শীৰ্ষক কীৰ্ত্তন পৰিবেশন কৰে।

পাছত দৰঙৰ ঢেপা ঢোল আৰু দেওধাই নৃত্যৰ অনুপম লোক সংস্কৃতি পৰিবেশন কৰে। কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই সঞ্চালনা কৰা "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ভাৰতবৰ্ষ", "সনাতন হিন্দু ধৰ্ম আৰু অসমৰ জাতীয় জীৱন" এই দুই বিষয়ৰ ওপৰত অনুষ্ঠিত আলোচনাচক্ৰ কুটুম্ব সুৰক্ষা পৰিষদৰ উপাধ্যক্ষ ৰাকেশ নাৰায়ণ মহাৰাজে আঁত ধৰে।

গুজৰাটৰ সঞ্জয় বিনায়ক যোশী, শ্যাম নাৰায়ণ, ভগীৰথ মহাৰাজ, ভাৰতী দিক্ষিত, মোহন চেতন, মোহিনী চালীনী, দেবীকা ঠাকুৰ, বটদ্ৰৱা থানৰ গায়ন, নামলগোৱা যোগেন কলিতাকে আদি কৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, দিল্লী, উৰিষ্যা, বিহাৰ, দিল্লী, অসমৰ বিভিন্ন প্ৰান্তৰ সাধু, সন্ত, মহন্ত, ভকত বৈষ্ণৱ, শিল্পী, সাহিত্যিকে অংশ গ্ৰহণেৰে অনুষ্ঠিত আলোচনাচক্ৰত অখণ্ড ভাৰত পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ব্ৰক্ষ্মানন্দ মহাৰাজে এক সুন্দৰ কাৰ্যক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, কলা সংস্কৃতিক সৰ্বভাৰতীয় পৰ্যায়ত পৰিচয় কৰাই দিয়াৰ প্ৰয়াসৰ বাবে সত্যৰঞ্জন বৰাক অসম প্ৰদেশৰ অধ্যক্ষ হিচাপে নিযুক্তি দি সত্যৰঞ্জন মহাৰাজ উপধি প্ৰদান কৰে।

সন্ধিয়া শিৱসাগৰ দিহা নাম, বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতি হোলী গীত, বিশ্বনাথ চাৰিআলিৰ মুনমী খাতনিয়াৰৰ নাগাৰা নাম, কামৰূপৰ ওজাপালি আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অন্তত প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰা, প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিন কাকতৰ বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা, লক্ষীন্দ্ৰ শৰ্মাক গামোছাৰে সম্বৰ্ধনা জনোৱা লগতে সাংবাদিক কেইগৰাকীৰ হাতত প্ৰতিদিন গোষ্ঠীলৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত আন এগৰাকী সাংবাদিক পৰিস্মিতা বৰাকো সম্বৰ্ধনা জনায়। নিশা ৯. ৩০ বজাত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে পৰম্পৰাগত নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা গুৰু আসন লৈ পুনৰ কল্যাণ খৰমানেৰে অনুষ্ঠান সামৰণি মাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in