/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/57aeb49f-9e40-44c8-a43a-1e900855929b/boko.jpg)
sanakardeva
ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বনগাঁও আঞ্চলিকৰ অন্তৰ্গত কাহিবামা প্ৰাথমিক শাখাৰ উদ্যোগত কাহিবামা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত জন্ম জয়ন্তী উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে কাহিবামা প্ৰাথমিক শাখাৰ সভাপতি বিলেশ্বৰ ৰাজবংশীয়ে ।
ইয়াৰ পিছতে গাঁৱখনত ভাগৱত ভ্ৰমণ কাৰ্যসূচী মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সদস্য ভৱানন্দ দাসে । ভাগৱত ভ্ৰমণৰ সময়ত গাঁৱৰ প্ৰতিটো পৰিয়ালে নিজ নিজ পদূলিত শৰাই-গামোচা আগবঢ়াই ৰাইজক সেৱা জনায় ।
শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভক্তপ্ৰাণ লোকে জাতীয় সাজ-পোছাক পৰিধান কৰাৰ উপৰিও অধিক সংখ্যক মহিলাই ঘৰত বোৱা সাজ-পাৰ পৰিধান কৰি জন্ম জয়ন্তীক বিশেষ মাত্ৰা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3556ca93-6fb5-458a-b795-eeeb37c2775e/boko_sanakardeva.jpg)
উল্লেখযোগ্য যে বকোৰ কাহিবামা গাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰটো প্ৰয়াত ধৰ্মেশ্বৰ মেধিয়ে নিজৰ মাটি দান দি প্ৰতিষ্ঠা কৰিছিল ।