Advertisment

শংকৰদেৱ সংঘৰ পঞ্চদশ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন সাংস্কৃতিক উপ সচিব কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে নিজৰ সাৱলীল ভাষাৰে মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম ,সমাজ সংস্কৃতিৰ অপূৰ্ব সৃষ্টিৰাজিৰ ওপৰত তত্বগধুৰ বক্তব্য আগবঢ়ায়

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল সংবাদ,কামপুৰ:  ২৩ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ নগাঁও জিলাৰ পূব কামপুৰ আঞ্চলিক শাখাৰ আতিথ্যত দেউৰিগাঁও শংকৰদেৱ বিদ্যালয় প্ৰাঙ্গনৰ মুক্তিযুদ্ধা ভিবিৰাম বৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পঞ্চদশ বাৰ্ষিক অধিৱেশনভাগ হৰি নামৰ কীৰ্তনৰে আজি সফল সামৰণি পৰে।

Advertisment

হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ পদ ধূলাৰে তীৰ্থ স্থানলৈ পৰিণত হোৱা ভিবিৰাম বৰা সমন্বয় ক্ষেত্ৰ আজি শেষৰ দিনা পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু বাৰে ৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাৰে দেউৰিগাঁওৰ প্ৰতিটো পথ লোকে লোকৰাণ্য হৈ পৰে। ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সমাজ সংগঠক দিলীপ চৌধুৰীয়ে।

ইয়াৰ পাছতে কামপুৰ জিলা শাখাৰ সভাপতি মুণীন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে মূলৰ সদস্য ডাঃ স্বৰাজ মোহন বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সম্পাদক দিগেন চন্দ্ৰ বৰাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই শংকৰদেৱ গুৰু জনাৰ মহান কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা সংঘৰ বিভিন্ন কাৰ্যৱালীৰ বিষয়ে বিস্তৃত ভাবে ব্যাখ্যা কৰে ।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন সাংস্কৃতিক উপ সচিব কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে নিজৰ সাৱলীল ভাষাৰে মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম ,সমাজ সংস্কৃতিৰ অপূৰ্ব সৃষ্টিৰাজিৰ ওপৰত তত্বগধুৰ বক্তব্য আগবঢ়ায় । খাটনিয়াৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক  আগুৱাই নিবলৈ প্ৰতিগৰাকী বাপ বান্ধৱ আই মাতৃক সেৱাৰ মনোবৃত্তিৰে সমাজৰ কাম কৰি যাবলৈ আহ্বান জনায় আৰু মহাপুৰুষ গৰাকীৰ জীৱন আদৰ্শৰে নিজক আগুৱাই নিলেহে সংঘক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি মন্তব্য কৰে।

উক্ত সভাতে বকলীয়াত অনুষ্ঠিত কেন্দ্ৰীয় সাহিত্য সমাৰোহত আই মাতৃ শাখাত শ্ৰেষ্ঠ বক্তাৰ সন্মান লাভ কৰা ৰূপালী বৰায়ো বক্তৃতা প্ৰদান কৰে। মুকলি সভাতে জিলাৰ সাহিত্য শাখাৰ সম্পাদক প্ৰদ্যুম্ন বৰা আৰু লেখিকা বুলু কলিতাৰ সম্পাদনাত সম্পাদিত "চক্ৰপানি" স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট কবি ,লেখক ত্ৰিদীব লস্কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শৰণ সদস্য কমল বৰা,মূলৰ সদস্য ডাঃ স্বৰাজ মোহন বৰা,কেন্দ্ৰীয় সংস্কৃতি শাখাৰ প্ৰাক্তন সম্পাদক অলিম মহন্ত,জিলাৰ প্ৰাক্তন সভাপতি ৰবিৰাম শইকীয়া,জিলাৰ উপ সভাপতি গজেন লস্কৰ ,গোলাপ গোহাঁই ,তুলসী মোহন বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকল।

সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান ভাগ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী প্রেমেশ্বৰ বৰাই। ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি ২৩জানুৱাৰীত গুৰু আসন প্ৰতিষ্ঠা,শিশু আই মাতৃ কল্যান শাখা সমিতিৰ সভা, সেৱা বাহিনীৰ সাধাৰণ পৰিষদ,সংস্কৃতি শাখাৰ সভা অনুষ্ঠিত হয়। দুপৰীয়া  সাহিত্য শাখাৰ সভাপতি ঘন কান্ত বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰদ্যুম্ন বৰাই ।

উক্ত সভাতে জিলা সমাৰোহত বিভিন্ন প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগী সকলক জিলাৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান ভাগ উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি মধুসূদন বৰাই। সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজ কৰ্মী, তথা অসম ৰাজ্যিক বি জে পিৰ সদস্য ,যুৱ নেতা বিভূতি ভূষণ বৰঠাকুৰ আৰু জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়াক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

কায্যসূচীৰ ২৪ তাৰিখে পুৱা আঞ্চলিক শাখাৰ সভাপতি আৰু সম্পাদক সকলৰ এখনি সন্মিলন অনুষ্ঠিত হোৱাৰ লগতে জিলাৰ মূল প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। কামপুৰ জিলাৰ সভাপতি মুণীন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে শৰণ সদস্য কমল বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সম্পাদক দিগেন চন্দ্ৰ বৰাই । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা নৱ নিৰ্বাচিত জিলা কাৰ্যনিৰ্বাহক সভাত মূলৰ সদস্য হিচাপে ডাঃ স্বৰাজ মোহন বৰা আৰু অলিম মহন্তক প্ৰতিনিধি সভাই নিৰ্বাচিত কৰে।

উক্ত প্ৰতিনিধি সভাত জিলাৰ সহকাৰী সম্পাদক দিব্যজ্যোতি বৰুৱা ,অমৰজিত ভূঞা ,সাহিত্য শাখাৰ সভাপতি ঘন কান্ত বৰুৱা ,সম্পাদক প্ৰদ্যুম্ন বৰা , আদৰণি সমিতিৰ সভাপতি মধুসূদন বৰা ,সম্পাদক ৰবীন্দ্ৰ বৰুৱা ,মূলৰ সদস্য জয় চন্দ্ৰ ৰাজখোৱা ,ঠগিৰাম ভূঞা ,দেবেন চন্দ্ৰ বৰাকে ধৰি বিশিষ্ট ব্যক্তি সকলক আদৰণি জনোৱা হয় । নিশাৰ ভাগত জিলা সংস্কৃতি শাখাৰ শিল্পীৰ দলে কালিয় দমন নাট প্ৰদৰ্শন কৰে।

 

শংকৰদেৱ