মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত শৈক্ষিক মেলাৰ সফল সামৰণি...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু এছ পি ই এ আৰৰ সহযোগিতাত আয়োজিত উত্তৰ-পূৱ শৈক্ষিক সন্মিলনৰ অংশ হিচাপে আয়োজিত শৈক্ষিক মেলাৰ আজি সফল সামৰণি পৰে ৷

author-image
Asomiya Pratidin
New Update
নগাওঁ

নগাওঁ

ডিজিটেল সংবাদ, নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু এছ পি ই এ আৰৰ সহযোগিতাত আয়োজিত উত্তৰ-পূৱ শৈক্ষিক সন্মিলনৰ অংশ হিচাপে আয়োজিত শৈক্ষিক মেলাৰ আজি সফল সামৰণি পৰে ৷ ১১ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই মেলা উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই ৷

শিক্ষা মেলা উপলক্ষে প্ৰথম দিনা আয়োজিত দুটা গুৰুত্বপূৰ্ণ বিষয়ত হোৱা দলীয় আলোচনা চক্ৰত উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, নগাঁও মহাবিদ্যালয়ৰ (স্ব:) অৱসৰী অধ্যক্ষ ড° ৰঞ্জিত মজিন্দাৰ, বাংগালুৰুৰ আই এ এম ই-ৰ সঞ্চালক ড° গোবিন্দৰাজ চেট্টীয়ে অংশ লোৱাৰ বিপৰীতে দ্বিতীয় আলোচনা চক্ৰত ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা, নগাঁও মহাবিদ্যালয় (স্ব:) ৰসায়ন বিজ্ঞান বিভাগৰ সহ: অধ্যাপক ড° পৰীক্ষিত গগৈ, প্ৰজেক্টিবিলিটি কনচাল্টেন্সী প্ৰাইভেট লিমিটেড, কলিকতাৰ চি.ই.অ’ সৌনাক ঘোষ আৰু এভিপি ইষ্ট, স্পাৰ্ছ গ্ল’বেল বিজনেছ স্কুল, গ্ৰেটাৰ নয়ডাৰ সোমা ভট্টাচাৰ্য উপস্থিত থাকে ।

দুয়োটা আলোচনা সত্ৰ পৰিচালনা কৰে SPEAR ৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা আৰু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহ: অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে ৷ আনহাতে, আজি আয়োজিত হোৱা দ্বিতীয় দিনাৰ দলীয় আলোচনা চক্ৰত একমেন ইন্সটিটিউট অফ মেনেজমেণ্টৰ নেচনেল হেড কমলেশ ৰাৱানী, বিশ্ববিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ সহ: অধ্যাপক ড° পিংকু মুক্তিয়াৰ, আৰু কলিকতাস্থিত পি.চি.পি.এলৰ সৌনাক ঘোষ ৷

এই শিক্ষা মেলাখনত গ্ৰেটাৰ নয়ডাৰ স্পর্শ গ্ল’বেল বিজনেছ স্কুল, উত্তৰ প্ৰদেশৰ একমেন ইনষ্টিটিউট অৱ মেনেজমেণ্ট, পশ্চিম বংগৰ কলকাতা বিজনেছ স্কুল, বাংগালোৰৰ এলায়েন্স ইউনিভাৰ্ছিটি, মহাৰাষ্ট্ৰৰ সন্দীপ বিশ্ববিদ্যালয়, ডেৰাডুনৰ ডিবিএছ গ্ল’বেল ইউনিভাৰ্ছিটি, গ্ৰেটাৰ নয়ডাৰ শাৰদা ইউনিভাৰ্ছিটি, বাংগালোৰৰ ইন্টাৰনেচনেল একাডেমী অৱ মেনেজমেণ্ট এণ্ড এণ্ট্ৰপ্ৰেনিউৰশ্বিপ, মীৰাটৰ শুভভাৰতী ইউনিভাৰ্ছিটি, গুজৰাটৰ পাৰুল ইউনিভাৰ্ছিটি, পুনেৰ লেক্সিকন মাইল, বাংগালোৰৰ আইজী বিজনেছ স্কুল, গুৱাহাটীৰ আইএছবিএম কলেজ অৱ মেনেজমেণ্ট, ছিক্কিমৰ মেধাবী স্কিল ইউনিভাৰ্ছিটি, বাংগালোৰৰ
ইন্টাৰনেচনেল ইনষ্টিটিউট অৱ বিজনেছ ষ্টাডিজে এই শৈক্ষিক মেলাত অংশ লয় ৷ এই শৈক্ষিক মেলাত নগাঁৱৰ সমীপৱৰ্তী বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ তিনি শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

নগাওঁ