/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/f9g5ua22/9.jpg)
ডিজিটেল সংবাদ,ধেমাজী,জামুগুৰিহাটঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬তম জন্মোৎসৱ উপলক্ষে দেওবাৰে ধেমাজিৰ বিভিন্ন ঠাইত আৰু নামঘৰত গুৰুজনাৰ জন্মোৎসৱ তেওঁৰ সৃষ্টিৰাজিৰ বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীয়ে উদযাপন কৰে ৷ ধেমাজি জিলা উত্তৰ ধেমাজি আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্যত শান্তিপুৰ মাজগাঁও ৰাইজৰ উদ্যোগত শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ সহযোগত ১২ আৰু ১৩ অক্টোবৰত দুদিনীয়াকৈ ১ নং শান্তিপুৰ মাজগাওঁ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হয়।
দেওবাৰে শেষ দিনা পুৱা ৪.৩০ বজাত নামঘৰীয়া বলীন শইকীয়াই গুৰু বন্তি প্ৰজ্জ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰে। পুৱা ৭ বজাত শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ সদস্য বৃন্দৰ দ্বাৰা “ভকত আদৰণি সেৱা ” দেওবৰীয়া চৰা মাহেকীয়া অনুষ্ঠান ,৮ বজাত শৰাই স্থাপন, ৮.৩০ বজাত নাম প্ৰসঙ্গৰ পিছতেই পুৱা ১১ বজাত ভাগৱত ভ্ৰমণ কৰা হয়। বাৰেৰহণীয়া শোভাযাত্ৰাৰ উদ্বোধন কৰে এলেঙী মদাৰগুৰি গোপালপুৰ সত্ৰৰ সত্ৰাধিকাৰ ফটিক মহন্তই ৷ অতিথি হিচাপে উপস্থিত থাকে চিমেনচাপৰি সৈৱ মহাসংঘৰ কেন্দ্ৰীয় সম্পাদক দিপাংকৰ বৰাকে ধৰি বিভিন্ন ভক্ত সকল ৷ বিয়লি ২ বজাত জন গোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/oiycqu13/1bddc390-0729-438c-908b-b0ad0e42a6dc.jpg)
শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ উদ্যোগতা বাবুল বৰাই আতঁ ধৰা আৰু তত্বাৱধায়ক হিচাপে উত্তৰ কমলাবাৰী সত্ৰও জয়া দিহিঙীয়া কৃষ্ণ গোকুলমৰ ভকত বিতুপন বৰাই উপস্থিত থকা জনগোষ্ঠীয় অনুষ্ঠানত শংকৰ-মাধৱ সেৱা কেন্দ্ৰ বেলগুৰি সত্ৰৰ গায়ন-বায়ন , টেকজুৰি মটক গায়ন-বায়ন ,শান্তিপুৰ গাওঁৰ বৰ্মন কৃষ্টি দল আৰু শান্তিপুৰ টঙনাপাৰা গাঁৱৰ গোৰ্খা কৃষ্টি দলে প্ৰদৰ্শন কৰা উপৰিও ভোৰতাল, দৰ্শৱতাৰ নৃত্য, চালি নৃত্য আৰু কৃষ্ণ নৃত্য প্ৰদৰ্শন হয় ৷
বিয়লি ৩.৩০ বজাত মহিলা ত্ৰিবেণী তীৰ্থৰ সাংস্কৃতিক সভানেত্ৰী বিশিষ্ট কণ্ঠ শিল্পী ৰূপজ্যোতি দত্তই সভাপতিত্ব কৰা মুকলি সভাত বিষ্ণুপুৰ আঞ্চলিক সনাতন সমাজৰ সভাপতি নৱকান্ত শইকীয়াৰ লগতে বহু লোক উপস্থিত থাকে ৷ ইফালে বিষ্ণুপুৰ আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্যত আৰু বাসুদেৱ কোচ গাঁও শাখা বৈদিক সনাতন সমাজৰ আতিথ্যত ১২ পৰা ১৪ অক্টোবৰলৈকে তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে বাসুদেৱ কোচ গাওঁৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/dplg9kie/1a614628-c73d-4b8b-8128-2621e2b7046f.jpg)
দেওবাৰে দ্বিতীয় দিনা পুৱা ৫.৩০ বজাত গাওঁৰ ৰাইজে সামূহিক চাফাই কাৰ্য্যসূচীয়ে দ্বিতীয় দিনৰ কাৰ্য্যসূচী শুভাৰম্ভণ কৰে।পুৱা ৮ বজাত শৰাই স্থাপন, নাম প্ৰসঙ্গ ও ভাগৱত পাঠৰ পিছতেই পুৱা ৯ বজাত ভাগৱত ভ্ৰমণ উদ্বোধন কৰে। ১১.৩০ বজাত শৰাই বিসৰ্জনৰ পিছতেই দুপৰীয়া ১২ বজাৰ পৰা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সোমবাৰে শেষৰ দিনাৰ কাৰ্য্যসূচীত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ভাগৱত ৰস সিন্ধু তথা সত্ৰাধিকাৰ ৰিজু পাঠক।
সমান্তৰালকৈ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ঢেকেৰীগাঁও নামঘৰত আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। পুৱাই ধৰ্মধব্জা উত্তোলন কৰে ধৰ্ম্মপ্ৰাণ ব্যক্তি গোলাপ বৰদলৈয়ে। ৰঙাচকুৱাৰ ঢেকেৰীগাও আৰু ঔহোলা বৈদিক সমাজৰ ভক্ত প্ৰাণ ৰাইজৰ দ্বাৰা এক ধৰ্ম্মীয় শোভাযাত্ৰাৰে আনি নামঘৰত ভাগৱত ভাগ স্থাপন কৰা হয়৷
ইয়াৰ পিছতে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত অৰুণ বৈশ্যৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে পত্নী হিৰণ বৈশ্যৰ উদ্যোগত পৰিয়ালবৰ্গৰ সহযোগত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা নামঘৰৰ তোৰণ ভাগ মুকলি কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা বিশিষ্ট সমাজ কৰ্মী নিত্যানন্দ দাসে ৷
লগতে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ধৰ্ম্মপ্ৰাণ ব্যক্তি প্ৰয়াত বগাই দাসৰ স্মৃতিত পৰিয়ালবৰ্গই আগবঢ়োৱা নামঘৰৰ বাটচৰা ভাগো উন্মোচন কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা জন্মজয়ন্তী উৎসৱৰ নিশাৰ ভাগত পৰশুৰাম মাতৃ হত্যা নাট ভাওনা ভাগ মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে৷