Advertisment

শংকৰদেৱ শিশু নিকেতন,ঢকুৱাখনাৰ প্ৰধান আচাৰ্য বনমালি সূতৰ আত্মহনন...

এক মৰ্মান্তিক ঘটনাই শোকাচন্ন কৰি গল ঢকুৱাখনা । ঢকুৱাখনাৰ এগৰাকী সৰলমনা বিনয়ী শিক্ষাবিদ , শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰতিস্থাপক আচাৰ্য , বর্তমানৰ প্ৰধানাচাৰ্য বনমালি

author-image
Asomiya Pratidin
New Update
আত্মহত্যা নে পৰিকল্পিত হত্যা

আত্মহত্যা নে পৰিকল্পিত হত্যা

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক মৰ্মান্তিক ঘটনাই শোকাচন্ন কৰি গল ঢকুৱাখনা । ঢকুৱাখনাৰ এগৰাকী সৰলমনা বিনয়ী শিক্ষাবিদ , শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰতিস্থাপক আচাৰ্য , বর্তমানৰ প্ৰধানাচাৰ্য বনমালি সূতে  বাছি ললে আত্মহননৰ দৰে চৰম পন্থা । ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঘাহি গাঁও নিবাসী মিষ্টভাষী শিক্ষাব্ৰতী সূতে শুক্ৰবাৰে দুপৰীয়া নিজা বাসগৃহত চিপলৈ আত্মহত্যা কৰে ।

Advertisment

দুপৰীয়া পত্নীযে এই আচাৰ্যজনক কাণ্ড প্ৰত্যক্ষ কৰি সমীপৰ আত্মীয়ক খবৰ দিয়ে যদিও ইতিপূৰ্বে সূতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত সূতে মাতৃ , পত্নী , সন্তান আৰু অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰি থৈ যায় । বিনয়ী আৰু নিজ হাতে গঢ় দিয়া বিদ্যালয়খনৰ প্ৰতি আত্মোৎস্বৰ্গী প্ৰধানাচাৰ্য গৰাকীৰ আকস্মিক আৰু অপ্ৰাকৃতিক মৃত্যুৱে বিদ্যালয় পৰিয়ালৰ লগতে  ঢকুৱাখনাৰ সামাজিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পেলাইছে ।  

স্বল্পভাষী শিক্ষাগুৰু গৰাকীৰ আত্মহত্যাৰ কাৰণ সন্দৰ্ভত বাস্তৱ সত্য কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰধানাচাৰ্য গৰাকীয়ে অব্যক্ত মানসিক চাপ, সামাজিক গ্লানিৰ বোজা আৰু বিত্তীয় অনিয়মৰ অপযশৰ বোজা সহিব নোৱাৰি এনে চৰম পন্হা ললে বুলি ঢকুৱাখনাৰ হাটে বাটে ব্যাপক চৰ্চা চলিছে । উল্লেখযোগ্য যে এইগৰাকী প্ৰধান আচাৰ্য সূতৰ বিৰুদ্ধে  বিদ্যালয়খনৰ বিত্তীয় অনিয়ম সংঘটিত কৰা, এগৰাকী মহিলা সহকৰ্মীৰ প্ৰতি বিশেষ আনুগত্যশীল হোৱা আদি বিভিন্ন অভিযোগ উত্থাপিত হৈছিল বিগত সময়চোৱাত ।

বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হোৱাৰ পাছৰে পৰা পোহৰলৈ অহা এনে বিতৰ্কিত অভিযোগ শিশু শিক্ষা সমিতি অসমৰ দৃষ্টিগোচৰ হৈছিল । বিদ্যালয়খনৰ অভ্যন্তৰত সংঘটিত এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত শিশু শিক্ষা সমিতি অসমে  ৩ জনীয়া এটা গোট বিদ্যালয়খনলৈ প্ৰেৰণ কৰিছিল ২৯ নৱেম্বৰত । গোটে বিদ্যালয় শিক্ষক কৰ্মচাৰী, অভিভাৱক সকলৰ লগত আলোচনা কৰি ৰাওনা হৈছিল ।ইয়াৰোপৰি গোটৰ পৰামৰ্শ মতে সূতে প্ৰধানাচাৰ্য পদৰ পৰা ১মাহৰ  চুটি লৈ যদুমণি বৰুৱাক ভাৰপ্ৰাপ্ত প্ৰধান আচাৰ্যৰ দায়িত্ব অৰ্পনেৰে বিদ্যালয়খন পৰিচালনা কৰি আহিছিল।  

সমান্তৰাল ভাৱে গোটে ডঃ গিৰীণ গগৈক সভাপতি , প্ৰফুল্ল চুতীয়াক সম্পাদক, মানস নেওগ, মীনা হাজৰিকা, বিজয় বৰুৱা আৰু যদুমণি বৰুৱাক সদস্য হিচাবে লৈ এখন তদৰ্থ সমিতি গঠন কৰি দিছিল । গোটৰ পৰামৰ্শৰ ভিত্তিত তদৰ্থ সমিতিৰ তদন্ত চলি থকাৰ সময়তে শুক্ৰবাৰে নিজা ঘৰতে আত্মহত্যা কৰে । তাৎপৰ্যপূৰ্ণ ভাবে এই সমস্ত অভিযোগৰ সন্দৰ্ভত তদৰ্থ সমিতিয়ে পুংখানুপুংখ ভাবে অনুসন্ধান কৰাৰ পূৰ্বে এজন স্বাৰ্থপৰ স্বয়ম্ভূ বিতৰ্কিত ব্যক্তিয়ে বিশেষ  উদ্যোগ লৈ অভিভাৱকৰ সভা আহ্বান কৰি এক বিশৃংখল পৰিবেশৰ সূত্ৰপাত ঘটোৱা বুলি চর্চা হৈছে ।

তদৰ্থ সমিতিয়ে কৰ্তব্যৰ অগ্ৰগতি লোৱাৰ পূৰ্বে এইজন সুবিধাভোগীযে আত্মীয়ক সংস্থাপিত কৰাৰ কৌশলেৰে অভিসন্ধি ৰচনা কৰাৰ মুকলি আলোচনা হৈছে মৃতকৰ বাসগৃহত ।তেওঁ  আনকি প্ৰধানাচাৰ্য গৰাকীৰ ওপৰত সামাজিক গ্লানি জাপি দি চৰিত্ৰহননকাৰী এক পত্ৰিকা বিতৰণ কৰাৰ এক নিকৃষ্ট কাণ্ডত আগভাগ লোৱাৰো  অভিযোগ প্ৰতিগৰাকী ৰাইজৰ মুখে মুখে । নিকেতনৰ শিক্ষাৰ্থী সকলৰ মাজত এনে  চৰিত্ৰহননকাৰী পত্ৰিকা আৰু নগৰৰ ৰাজপথৰ দাঁতিত বেনাৰ লগাই ৰাজহুৱা সভাৰ আহ্বান কৰাত এইজন স্বাৰ্থপৰ ব্যক্তিয়ে আগভাগ লোৱা বুলি মৃতকৰ ঘৰে বাহিৰে মুকলি চর্চা হৈছে ।

এনেবোৰ সুবিধাবাদীৰ পৃষ্ঠপোষকতাতে    প্ৰধানাচাৰ্য গৰাকীলৈ সামাজিক গ্লানি নামি অহাৰ পাছত এনে চৰম পন্থা গ্ৰহণ কৰাৰ ধাৰণা কৰা হৈছে । অৱশ্যে ঢকুৱাখনা আৰক্ষীৰ তদন্তৰ পাছত এই অভিযোগৰ সত্যসত্যতা পোহৰলৈ আহিব । এই আত্মহত্যা সাধাৰণ আত্মহত্যা হিচাবে নলৈ এক সুবিধাভোগী চক্ৰৰ পৰিকল্পিত হত্যা বুলি অভিহিত কৰি পৰিয়াল আৰু শুভাকাংখী ৰাইজে আৰক্ষীক সঠিক আৰু নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনাইছে ।

ঢকুৱাখনা সমজিলা প্ৰশাসনকো এগৰাকী অমায়িক শিক্ষাগুৰুক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা সামাজিক ব্যাধি স্বৰূপ "মাষ্টাৰ মাইণ্ড" চিনাক্ত কৰাৰ বাবে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰো দাবী জনাইছে। উল্লেখযোগ্য যে ঢকুৱাখনা আৰক্ষীয়ে  শিক্ষাগুৰু গৰাকীৰ এখন ডায়েৰী জব্দ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । 

ঢকুৱাখনা