শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ বিশ্ব পৰিবেশ দিবস সম্পন্ন..

চিচিবৰগাঁও মহাবিদ্যালয়ত শ্ৰীমন্ত  শঙ্কৰদেৱ সংঘ জোনাই জিলা শাখাৰ সেৱাবাহিনীৰ উদ্যোগত,চিচিবৰগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিৰোপক কোষ আৰু ৰাষ্ট্ৰীয়

author-image
Asomiya Pratidin
New Update
82eae5d8-5f9c-468a-b718-769fba81daf4

ডিজিটেল সংবাদ, চিলাপথাৰঃ  চিচিবৰগাঁও মহাবিদ্যালয়ত শ্ৰীমন্ত  শঙ্কৰদেৱ সংঘ জোনাই জিলা শাখাৰ সেৱাবাহিনীৰ উদ্যোগত,চিচিবৰগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিৰোপক কোষ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপন কৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কোষৰ কাৰ্যক্ৰম বিষয়া পুলিন কুমাৰ গগৈ, শিশু আৰু আই-মাতৃ কল্যাণ শাখাৰ কেন্দ্ৰীয় সদস্যা নিভা নেওগ,জিলা সম্পাদিকা মঞ্জু দাস, জিলা শিক্ষা সম্পাদক দিগন্ত ভূঞা,চিলাপথাৰ নগৰ প্ৰাথমিক শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক দিলীপ দত্ত আদি বিষয়ববীয়াসকলে একোটিকৈ গছ পুলি ৰোপন কৰে ।

Advertisment

দুপৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত মুকলি সভাখনত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সভাপতি বিমান শইকীয়াই । মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিতুল লাহনদেৱে বন্তি প্ৰজ্বলনেৰে সভাখন আৰম্ভ কৰে । সেৱা বাহিনীৰ কেন্দ্ৰীয় সঞ্চালন সমিতিৰ সদস্য তপন হাজৰিকাই আঁত ধৰা সভাখন উদ্বোধন কৰি জিলা সম্পাদক লোকনাথ বৰদলৈয়ে বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য আৰু আমাৰ কৰণীয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।জোনাই জিলা সাহিত্য শাখাৰ ভুবন দাস আৰু পাৰ্থ প্ৰতিম বৰাৰ সম্পাদিত তিনিমহীয়া ই-বাৰ্তালোচনী ভক্তি সুবাস উন্মোচন কৰে চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক উত্তম চুতীয়াদেৱে ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চিলাপথাৰ প্ৰেছক্লাৱৰ সভাপতি নয়নমণি মহন্ত,চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তৰুলতা ভূঞা, পুলিন কুমাৰ গগৈয়ে বিশ্ব পৰিবেশ দিৱসৰ ওপৰত বক্তব্য ৰাখে । চতুৰ্থ সান্মানিকৰ ছাত্ৰ অংশুমান শৰ্মাই সভাত উপস্থিত থাকি নিজৰ অনুভৱ ব্যক্ত কৰে । শেষত সেৱাবাহিনীৰ কেন্দ্ৰীয় সঞ্চালন সমিতিৰ সদস্য তপন হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায় ।

ধেমাজি