/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/faa54bab-f40f-4e4b-b19f-062581a415fd/bhaona.jpg)
bhaona
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ অন্তৰ্গত তথা বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহাসিক ন-ৰোৱা কুজি সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।
এই উপলক্ষে সত্ৰৰ অন্যতম সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ অনুস্থান শংকৰদেৱ কলা কেন্দ্ৰৰ সৌজন্যত গাঁৱৰ সংস্কৃতিৱান মহিলা আৰু যুৱক সমাজে ৫ অক্টোবৰত গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ অতি আনন্দ উল্লাসৰে পালন কৰে।
পুৱা প্ৰভাত কীৰ্তনৰ পিছতে কলাকেন্দ্ৰৰ মঞ্চত অস্থায়ীভাৱে স্থাপন কৰা থাপনাত বন্তি প্ৰজ্জলন কৰে সত্ৰৰ বুঢ়া ভকত, বৈষ্ণৱ দীননাথ হাজৰিকাই। বন্তি প্ৰজ্জলনৰ পাচত ভাষণ প্ৰদান কৰি বৈষ্ণৱ গৰাকীয়ে শ্বেইক্সপীয়েৰতকৈ ১০০ বছৰ আগতে এই অসম মুলুকত এক অংকযুক্ত নাট ৰচনা কৰি গুৰু জনাই অসমীয়া সকলক সাহিত্য তথা ললিত কলাত চহকী কৰি থৈ যায় যদিও উপযুক্ত সময়ত প্ৰচাৰৰ অভাৱতে পিছ পৰি ৰ'ল বুলি খেদ প্ৰকাশ কৰে।
অন্যহাতে কলা কেন্দ্ৰৰ প্ৰাক্তন সভাপতি তথা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডিম্বেশ্বৰ বৰুৱাই কেন্দ্ৰৰ ধ্বজা উত্তোলন কৰে। ধ্বজা উত্তোলন কাৰ্যসূচীৰ আঁত ধৰে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা কলা কেন্দ্ৰৰ সম্পাদক লুইত হাজৰিকাই।
দুপৰীয়া সত্ৰত নাম প্ৰসঙ্গৰ লগতে মণ্ডপতো নাম প্ৰসংগ অনুস্থিত হয়। সন্ধ্যা পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্জলনৰ পিছতে যমুনা গোস্বামী আৰু সংগী সকলে দিহা নাম পৰিবেশন কৰি নাট মঞ্চ মুকলি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ebde4687-5ff7-4dd1-a3bc-cf04bd1fdc0e/bhaona1.jpg)
সত্ৰৰ যুৱক যুৱতী, কলা-কুশলী সকলৰ দ্বাৰা "সীতা হৰণ ৰাৱণ বধ" ভাওনা পৰিবেশন কৰে। সীতাৰ চৰিত্ৰত অভিনয় কৰা কমমানি কাবেৰী বৰুৱাৰ অভিনয়ে দৰ্শকৰ অন্তৰ জয় কৰে।
ৰাৱণৰ চৰিত্ৰত ভাও দিয়া কুকিল শইকীয়াৰ সাৱলীল অভিনয় আছিল অতি প্ৰশংসনীয়। তাৰ লগে লগে নীল চৰিত্ৰ ৰূপায়ণ কৰা পৰাগমনি কেওঁটৰ অভিনয়েও দৰ্শকৰ মন জয় কৰে।
নাটখনৰ প্ৰতিগৰাকী ভাৱৰীয়াৰ অভিনয় সুন্দৰ আছিল। বৰ বায়ন ৰাজু বৰুৱা আৰু প্ৰবীৰ শইকীয়াৰ পৰিচালনাত বাদ্যযন্ত্ৰ সংগত কৰে কাজু বৰুৱা, ৰাহুল শইকীয়া আৰু ভাৰ্গৱ মনি বৰুৱাই আৰু গীতাংশত কন্ঠ দিয়ে সম্ভাৱনাময় গায়ক বিনয় বৰুৱাই।