ডিজিটেল ডেস্কঃ নাৰীকেন্দ্ৰিক বিৰ্তকত সাঙুৰ খাই ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ অন্তত অৱশেষত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ললে শংকৰজ্যোতি বৰুৱাই। আছুৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি এই অব্যাহতি গ্ৰহণ কৰিলে শংকৰজ্যোতিয়ে। ১২ছেপ্তেম্বৰ ২০২৪ৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই অব্যাহতি গ্ৰহণ কৰিলে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ এগৰাকী সক্ৰিয় সদস্যাই শংকৰজ্যেোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন কৰিছিল কেবাটাও গুৰুতৰ অভিযোগ। পিছৰ পৰ্যায়ত এজাহাৰ দাখিল কৰাৰ পাছত শংকৰজ্যোতিয়ে ছাত্ৰীগৰাকীৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল। নিজ মুখে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰাৰ পাছতে আছুৰ কেন্দ্ৰীয় নেতৃত্বই শংকৰজ্যোতি আছুৰ সাধাৰণ সম্পাদক পদবীৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ প্ৰদান কৰিছিল।
যোৱা সোমবাৰে আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিৰ সৈতে শংকৰজ্যোতি বৰুৱা এক আলোচনাত বহিছিল। এই আলোচনাতে এই পৰামৰ্শ প্ৰদান কৰিছিল শংকৰজ্যোতিক। আছুৰ নেতৃত্বই প্ৰদান কৰা এই পৰামৰ্শ গ্ৰহণ কৰিয়ে শংকৰজ্যোতিয়ে অৱশেষত সাধাৰণ সম্পাদক পদবীৰ পৰা অব্যাহতি গ্ৰহণ কৰিলে।
এইখিনিতে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে, বৰ্তমান ছাত্ৰীগৰাকীৰ অভিযোগক লৈ আদালতে বেইল প্ৰদান কৰিছে শংকৰজ্যোতিক। আইনী ব্যৱস্থা আৰু আদালতে শংকৰজ্যোতিক নিদোৰ্ষী ঘোষণা কৰিব বুলিও আশাবাদী বুলি ইতিমধ্যে সদৰি কৰিছে শংকৰজ্যোতিয়ে। ইফালে বৰ্তমানেও হস্পাতালৰ বিচনাত আছে শংকৰজ্যোতি বিৰুদ্ধে অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকী।
পদত্যাগ পত্ৰত কি লিখিলে শংকৰজ্যোতিয়ে-
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-12/f1n9zse8/35255dcd-c381-4d67-9cf7-b6c859145300.jpg)