এমহীয়া সকাহ! পুনৰ শংকৰজ্যোতি বৰুৱাক অগ্ৰিম জামিন ন্যায়ালয়ৰ...

এমহীয়া সকাহ! পুনৰ শংকৰজ্যোতি বৰুৱাক অগ্ৰিম জামিন ন্যায়ালয়ৰ...

author-image
Asomiya Pratidin
New Update
এমহীয়া সকাহ! পুনৰ শংকৰজ্যোতি বৰুৱাক অগ্ৰিম জামিন ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ পুনৰ আদালতে অগ্ৰিম জামিন প্ৰদান কৰিলে শংকৰজ্যোতি বৰুৱাক। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২২অক্টোবৰৰ লৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। এই ৰায়ৰ পাছতে নাৰীকেন্দ্ৰিক গোচৰৰ সৈতে আদালতত যুঁজ দি থকা প্ৰাক্তন আছু নেতাগৰাকী কিছু সাময়িক সকাহ লাভ কৰিছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ কৰিছিল আদালতে। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে পূৰ্বে নাকচ কৰিছিল শংকৰ জ্যোতি বৰুৱাৰ অগ্ৰিম জামিনৰ আবেদন।

উল্লেখযোগ্য যে শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছিল চাঞ্চল্যকৰ অভিযোগ। ছাত্ৰ নেতাজনৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱতীগৰাকীয়ে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেম প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। বিগত ৫ মাহ ধৰি মানসিক চাপত ভুগি বিশ্ববিদ্যালৰ ছাত্ৰী আবাসত অধিক দৰৱ সেৱন কৰিছিল ছাত্ৰীগৰাকীয়ে।

শংকৰজ্যোতি বৰুৱা