বিজেপিয়ে আপৰ ৭ জন বিধায়কক ১৫ কোটি টকাকৈ আগবঢ়াইছিলঃ সঞ্জয় সিং

দিল্লী বিধানসভা নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সঞ্জয় সিঙে। তেওঁ লগতে এগজিট প’লৰ ফলাফলক ভুল আখ্যা দি কয় যে আপ য়ে বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে।

author-image
Asomiya Pratidin
New Update
jhjhjh

ডিজিটেল ডেস্কঃ    "বিজেপিয়ে ১৫ কোটি টকাত আম আদমী পাৰ্টীৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টা চলাইছে। মই সকলো বিধায়কৰ সৈতে যোগাযোগ কৰি উৎকোচ আগবঢ়োৱা সকলৰ অডিঅ’ বা ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ কৈছো"- এই মন্তব্য আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ।

দিল্লীত বিধানসভা নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সঞ্জয় সিঙে। তেওঁ লগতে এগজিট প’লৰ ফলাফলক ভুল আখ্যা দি কয় যে আম আদমী পাৰ্টিয়ে বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে।

স্পা চেণ্টাৰ আৰু মালিচ পাৰ্লাৰ চলোৱা কোম্পানীসমূহে এগজিট প’ল অনুষ্ঠিত কৰিছে বুলিও অভিযোগ উত্থাপন কৰে আপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে। কেৱল এয়াই নহয় নিৰ্বাচন আয়োগক লক্ষ্য কৰি লয় সিঙে। তেওঁ লগতে কয় যে, গণতন্ত্ৰক মষিমূৰ কৰা, বিধায়কক উৎকোচ দিয়া, চৰকাৰ উফৰাই পেলোৱা আৰু ভংগ কৰাত বিশেষজ্ঞ ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীৰ নিৰ্বাচনত পৰাজয় মানি লৈছে।ইয়াৰ বাবে আজি পুৱাৰে পৰা আমি বিধায়কসকলৰ সৈতে কথা পাতিছো।

সঞ্জয় সিঙে অভিযোগ কৰে যে আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ ৭ জন বিধায়কে ১৫ কোটি টকাৰ অফাৰ লাভ কৰিছে। বিজেপিয়ে আম আদমী পাৰ্টি ভাঙি দিল্লীত বিজেপি চৰকাৰ গঠন কৰিবলৈ এই কাম কৰিছে। গণনাৰ পূৰ্বে বিজেপিয়ে নিজৰ পৰাজয় মানি লোৱাটো স্পষ্ট হৈ পৰিছে।

ইয়াৰোপৰি সিঙে কয় যে, ইয়াৰ পূৰ্বে ২০১৩ চনৰ নিৰ্বাচনৰ পিছত শ্বেৰ সিং ডাগাৰ নামৰ এজন ব্যক্তিয়ে আমাৰ বিধায়কক কিনিবলৈ চেষ্টা কৰিছিল। কিছুমান ক্ষেত্ৰত বিজেপিও সফল হৈছিল। ধন আৰু তদন্তকাৰী সংস্থাৰ সহায়ত বিজেপিয়ে আপৰ বিধায়কক মোক্ষম আঘাট কৰিছে । ফলস্বৰূপে পঞ্জাৱ আৰু দিল্লীত আমাৰ নেতা তথা দুই মন্ত্ৰী ভাঙি পৰিছে।

নিৰ্বাচন আয়োগক উদ্দেশ্যি তেওঁ কয় যে,অখিলেশ যাদৱে নিৰ্বাচন আয়োগ মৃত বুলি কৈছিল। অখিলেশ যাদৱৰ কথাত মই একমত। নতুন দিল্লী বিধানসভা সমষ্টিত উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগ আৰু আমাৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ মন্দিৰ সংসদ থকা স্বত্বেও সেই বিধানসভা সমষ্টিত আমাৰ নেতা সকলক মাৰপিট কৰা হৈছিল, বস্তিত মহিলাক নিৰ্যাতন চলোৱা হৈছিল।

সংসদৰ পৰা ২ৰ পৰা ৪ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিৰ্বাচন আয়োগৰ নাকৰ তলত ধন, কাপোৰ আদি বিতৰণ কৰা হৈছিল। ইমানৰ পাছতো নিৰৱ নিৰ্বাচন আয়োগ। এই সুযোগতে সঞ্জয় সিঙে নিৰ্বাচন আয়োগকো তীব্ৰ সমালোচনা কৰে।

আপ