‘সংগীত শিল্পী মঞ্চ’ নগাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

ৰাজ্যখনৰ ভিতৰতে সঙ্গীত শিল্পীসকলৰ স্থায়ী অনুষ্ঠান হিচাপে চিহ্নিত সঙ্গীত শিল্পী মঞ্চ নগাঁৱে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰে।

author-image
Asomiya Pratidin
New Update
‘সংগীত শিল্পী মঞ্চ’ নগাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

ডিজিটেল সংবাদ, নগাঁও :  নগাঁৱৰ সঙ্গীত শিল্পীসকলৰ উমৈহতীয়া মঞ্চ সঙ্গীত শিল্পী মঞ্চ, নগাঁৱে ২৫ সংখ্যক বৰ্ষত পদাৰ্পন কৰিছে । ৰাজ্যখনৰ ভিতৰতে সঙ্গীত শিল্পীসকলৰ স্থায়ী অনুষ্ঠান হিচাপে চিহ্নিত সঙ্গীত শিল্পী মঞ্চ নগাঁৱে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰে।

Advertisment

ৰূপালী জয়ন্তী উপলক্ষে আজি পুৱা নগাঁও চহৰৰ নতুন বজাৰস্থিত সংগীত শিল্পী মঞ্চৰ স্থায়ী কাৰ্যালয় চৌহদত মঞ্চৰ মূল পতাকা উত্তোলন কৰে মঞ্চৰ মুখ্য উপদেষ্টা তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপক শর্মাই। আনহাতে ৰূপালী জয়ন্তী উপলক্ষে নগাঁৱৰ ২৫ গৰাকী বিশিষ্ট শিল্পীয়ে ২৫খন পতাকা উত্তোলন কৰে । 

পতাকা উত্তোলন কৰা শিল্পীসকলৰ ভিতৰত বিশিষ্ট বেহেলা বাদক তাৰিণী মোহন শৰ্মা,  বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী,  টংকেশ্বৰ বৈদ্য, যতীন্দ্ৰ কুমাৰ দাস, মেণ্ডলিন বাদক পূৰ্ণানন্দ নেওগ, শিল্পী আৰিফুল হক, নৰেন বৰা, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা, সাংস্কৃতিক কর্মী ডাঃ অৰূপ জ্যোতি মহন্ত অন্যতম। আনহাতে পতাকা উত্তোলন কৰি দিয়া ভাষণত বিধায়ক ৰূপক শর্মাই নগঞা শিল্পী সকলৰ উমৈহতীয়া মঞ্চ সংগীত শিল্পী মঞ্চৰ দৰে শিল্পীৰ সংগবদ্ধ স্থায়ী অনুষ্ঠান অসমত বিৰল বুলি মন্তব্য কৰে।

তেওঁ কয় যে সংগীত শিল্পী সকলক একত্ৰিত কৰি এক সংগীতৰ পৰিবেশ সূচনা কৰাৰ লক্ষ্যৰে এই মঞ্চ প্ৰতিষ্ঠা কৰা হয় । এটি স্থায়ী ভৱনেৰে সম্প্ৰতি সংগীত শিল্পী মঞ্চই এক স্থায়ী আৰু সুকীয়া স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বিধায়ক শৰ্মাই সংগীত শিল্পী মঞ্চ প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তিক শ্ৰদ্ধাৰে স্মৰণ কৰে । 

আনহাতে নগাঁও চহৰৰ ছয়আলি অঞ্চলত নিৰ্মীয়মান ভূপেন হাজৰিকা কলা তীৰ্থ মুকলি হ’লে নগাঁৱত সংগীতৰ চৰ্চাই এক বিশেষ মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক শৰ্মাই। তেওঁ লগতে কয় যে ভূপেন হাজৰিকা কলা তীৰ্থত স্থাপন হ'বলগা আৰ্কাইভত  অসমৰ প্ৰসিদ্ধ শিল্পী সকলৰ সৃষ্টিৰাজি সংৰক্ষণৰ ব্যৱস্থা থাকিব । 

একেদৰে নগাঁও চহৰৰ মৰিকলঙত নিৰ্মাণ কাৰ্য চলি থকা উদ্যানত সাহিত্য, সংস্কৃতি,ক্ৰীড়া আদি ক্ষেত্ৰত অৱদান আগবঢ়াই যোৱা ৩২ গৰাকী বৰেণ্য নগঞাৰ প্ৰতিচ্ছবি আৰু চমু পৰিচয়  সংস্থাপন কৰা হ'ব বুলিও বিধায়ক শর্মাই জানিবলৈ দিয়ে । ইয়াৰ পাচতে মঞ্চৰ কাৰ্যালয়ত সংগীত শিল্পী মঞ্চৰ লগত জড়িত প্ৰয়াত ব্যক্তি তথা শিল্পী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । 

শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে প্ৰয়াত শিল্পী সকলৰ আত্মীয় সকল আৰু সংগীত শিল্পী মঞ্চৰ সদস্য সকলে অংশগ্ৰহণ কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত সংগীত শিল্পী প্ৰয়াত ভবেন বৰদলৈৰ পত্নী ৰেণু বৰদলৈ, গীতিকাৰ প্ৰয়াত মনোৰঞ্জন বৰুৱাৰ পত্নী অৰুণা বৰুৱা, সুৰকাৰ প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ পত্নী মিনতি বেজবৰুৱা, সংগীত শিল্পী দিগেন মহন্তৰ  পত্নী প্ৰগতি মহন্ত,  শিল্পী প্ৰয়াত অজিত দত্তৰ পত্নী নিশা দত্তই সংগীত শিল্পী মঞ্চৰ লগতে বিধায়ক ৰূপক শর্মাৰ প্ৰয়াসক প্ৰশংসা কৰে। 

সংগীত শিল্পী মঞ্চৰ কাৰ্যকৰী সভাপতি পংকজ বেজবৰুৱা আৰু সাধাৰণ সম্পাদক ৰঞ্জিত বৰা (দাদু)ই আঁত ধৰা অনুষ্ঠানত শিল্পী মৃণালক্ৰান্তি মেধি, কৃষ্ণমণি নাথ আৰু সুৱাগমনি মহন্তই গীত পৰিবেশন কৰে । ইয়াৰ পাচতে নগাঁও সাংস্কৃতিক প্ৰকল্পত নগঞা  নিৰ্বাচিত গীতিকাৰ ক্ৰমে ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা,  হীৰেন ভট্টাচাৰ্য, কমলানন্দ ভট্টাচাৰ্য, ইদ্ৰিছ আলী,  ইক্ৰামূল মজিদ,  স্বৰ্ণ বৰা, সূৰ্যকুমাৰ ৰাজা, ইউছুফ হাজৰিকা, যতীন বৰা, মনোৰঞ্জন বৰুৱা, ৰেণু মহন্ত আৰু ৰজনী হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । 

আনহাতে কাইলৈ পুৱা ৯-৩০ বজাৰ পৰা নগঞা নিৰ্বাচিত গীতিকাৰৰ গীতৰ প্ৰতিযোগিতা, বিয়লি ৪ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰু বিয়লি ৫-৩০ বজাত মঞ্চৰ শিল্পী সকলৰ দ্বাৰা ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠানেৰে মঞ্চৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি পৰিব ।

RUPAK SARMA nagaon