নিহতৰ সংখ্যা ৪০ লৈ বৃদ্ধিঃ কিদৰে সংঘটিত হৈছিল হায়দৰাবাদৰ ফাৰ্মা কোম্পানীৰ বিস্ফোৰণ কাণ্ড...

বিস্ফোৰণৰ আঁৰত হয়তো একাধিক যন্ত্ৰৰ গুৰুতৰ বিজুতি ঘটিছিল যিয়ে এটা কাম কৰা ইউনিটত তাপ আৰু চাপ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি কৰিছিল বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  সোমবাৰে পুৱা হায়দৰাবাদৰ সমীপৱৰ্তী ছংগাৰেড্ডী জিলাৰ অন্তৰ্গত পছুমিল্লাৰম ঔদ্যোগিক এলেকা থকা ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ঔষধ উদ্যোগত সংঘটিত বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। নিহত সকলৰ ভিতৰত বিহাৰৰ শ্ৰমিকো থকা বুলি জানিব পৰা গৈছে।

Advertisment

এই বিস্ফোৰণৰ আঁৰত হয়তো একাধিক যন্ত্ৰৰ গুৰুতৰ বিজুতি ঘটিছিল যিয়ে এটা কাম কৰা ইউনিটত তাপ আৰু চাপ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি কৰিছিল বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে। তেলেংগানাৰ কাৰখানা বিভাগৰ সূত্ৰ অনুসৰি, ৰাসায়নিক ইউনিটটোৰ ইন্টাৰলক ব্যৱস্থাটো বিজুতি ঘটিব পাৰে, যাৰ ফলত কাৰখানাটোৰ তাপ বৃদ্ধি পাব পাৰে। 

এই শোকাৱহ দুৰ্ঘটনাৰ পিছতেই পোহৰলৈ আহিছে ভয়াৱহ তথ্য। জানিব পৰা মতে, ইউনিটটোৰ হাতত অগ্নিনিৰ্বাপক বাহিনীৰ পৰা এন অ’ চিৰ বাবে আবেদন নকৰাৰ বাবে চলাচল কৰিবলৈ কোনো আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) নাছিল। কেৱল এয়াই নহয়, উদ্যোগটোত জুইৰ সতৰ্কবাণী দিবলৈ ‘ফায়াৰ এলাৰ্ম’ আৰু ‘হিট চেন্সৰ’কে ধৰি কোনো পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাও নাছিল।

আৰক্ষী অধীক্ষক পৰিতোষ পংকজে জনোৱা মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিছে। আমি এতিয়াও নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি আছো। ভুক্তভোগীৰ পৰিয়ালৰ সদস্যৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ বিস্ফোৰণৰ সৈতে জড়িত ১০৫, ১১০ আৰু ১১৭ ধাৰাত ছাংগাৰেডী আৰক্ষীয়ে কাৰখানা পৰিচালনা সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আনহাতে ফাৰ্মা ফেক্টৰীত হোৱা বিস্ফোৰণত নিহত লোকসকলক চিনাক্ত কৰিবলৈ ডি এন এ মেচিন প্ৰক্ৰিয়াৰ কাম চলি আছে। এজন বিষয়াই কয় যে, ডি এন এ পৰীক্ষা গোটেই ৰাতিটো চলি থাকিল। আমি পোৱা সকলো নমুনাৰ তদন্ত আজিৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে।

বিস্ফোৰণ হায়দৰাবাদ